নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট-মাজুলী জলপথত সঘনাই বালিচৰত আবদ্ধ ফেৰী

🔹 অত্যাধুনিক ড্ৰেজাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি অসাৰ

🔹 দুঘন্টা ধৰি আবদ্ধ এম ভি ডিগাৰু

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : অত্যাধুনিক প্ৰযুক্তিবিদ্যাই গিজগিজাই থকা দেশত মাজুলী-নিমাতীৰ যাতায়াতৰ নামত এতিয়াও আওপুৰণি পদ্ধতিৰে ফেৰী সেৱা অব্যাহত আছে। সঘনাই ফেৰী ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰাৰ ফলত মাজুলীৰ কমলাবাৰী ফেৰী ঘাটৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকল অৱশেষত ভোগ, নৈবেদ্য, পূজা-অৰ্চনাৰে নেদেখাজনৰ শৰণাপন্ন হ’ব লগাৰ দৰে পৰিৱেশৰ সূচনা হৈছে। বিগত সময়ছোৱাত ফেৰী যাতায়াতত দেখা দিয়া সমস্যা, কমলাবাৰী ফেৰী ঘাটৰ ফেৰী অহা-যোৱা কৰা চেনেলত বালি পৰি বাম হৈ যোৱাৰ বাবে ফেৰী যাত্ৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ অহাত ব্ৰহ্মপুত্ৰ বাবাক বিভিন্ন সময়ত ভোগ দি পূজা-অৰ্চনা কৰা ফেৰীঘাটৰ কৰ্মচাৰীসকলে সময় অতিবাহিত কৰিব লগা হৈ আহিছে ৷ ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ নামৰ বিয়াগোম এটা বিভাগে প্ৰযুক্তিবিদ্যাৰ যুগত ফেৰী যাতায়াতৰ সুচলতাৰ বাবে নেদেখাজনৰ শৰণাপন্ন হোৱা ঘটনাই বিভাগটোৰ অসহায়তাকেই প্ৰতিপন্ন কৰিছে বুলি বিভিন্নজনে মন্তব্য কৰিছে। কালিও প্ৰতিকূল বতৰৰ মাজতে নিমাতী কমলাবাৰী ঘাট অভিমুখী যাত্ৰীবাহী ফেৰী ব্ৰহ্মপুত্ৰৰ মাজত বালিচৰত আবদ্ধ হয়। নিমাতী ঘাটৰ পৰা পুৱা ৮.৩০ বজাত কমলাবাৰী ঘাট অভিমুখে অহা এম ভি ডিগাৰু নামৰ ফেৰীখন দুঘন্টা ধৰি কালি বালিচৰত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত যাত্ৰীসকল যথেষ্ট সমস্যাত পৰে। পিছত যাত্ৰীসকলক উদ্ধাৰৰ বাবে কমলাবাৰী ঘাটৰ পৰা জলতৰী নামৰ এখন ফেৰী ৰাওনা হয় আৰু ফেৰীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ফেৰীখনত ৬৩জন যাত্ৰী আৰু ১৭খন মটৰ চাইকেলৰ লগতে দুখন চাৰিচকীয় বাহন আছিল। উল্লেখযোগ্য যে কেইদিনমানৰ আগেয়েও আৰ পি এল ডিগাৰু আৰু এম ভি লোহিত নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰাত নদীৰ মাজৰ পৰা এছ ডি আৰ এফে যাত্ৰীসকলক উদ্ধাৰ কৰিবলগীয়া হৈছিল। ইফালে, নিমাতীৰ ফেৰী দুৰ্ঘটনাৰ সময়ত সেই সময়ৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৰহাট-মাজুলী জলপথত অত্যাধুনিক ড্ৰেজাৰেৰে নদীৰ চেনেল খান্দি ফেৰী যাত্ৰা সুচল কৰাৰ বাবে দিয়া আশ্বাস আজি ক’ৰবাতে হেৰাল।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like