নিয়মীয়া বার্তা, ১৯ মে’ : লুপ্ত হ’বলৈ ধৰা থলুৱা মাছৰ বংশবৃদ্ধি হোৱাৰ সময়তে মাছৰ নিধনযজ্ঞ চলিছে নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ চুকে-কোণে। মীন আইনক উপলুঙা কৰি একাংশ মাছমৰীয়া আৰু একাংশ লোকে নৈ, বিল, খাল, জলাশয় আদিত কণীযুক্ত মাছৰ কণী নষ্ট কৰি মাছ মৰাত হাত উজান দিছে।
পশ্চিম নলবাৰী অঞ্চলৰ বৰি, ঠুঠিকাটা, শোলমাৰা, চামতা আদি ঠাইৰ চ’ক, বজাৰ আদিৰ লগতে বিভিন্ন গাঁৱৰ চুবুৰিয়ে চুবুৰিয়ে থলুৱা কণীযুক্ত মাছৰ ব্যাপক হাৰত মুকলিকৈ অবাধে মাছ ব্যৱসায়ীসকলে বিক্ৰী কৰি থকা ঘটনাই প্রকৃতিপ্রেমীসকলক ক্ষুণ্ণ কৰি তুলিছে। কাৱৈ, গৰৈ, চেং, পুঠি, খলিহনা, দৰিকনা, শিঙি, মাণ্ডৰ, শ’ল, চেনাৰ, ৰৌ, ভকুৱা আদি মাছসমূহ ক্রমান্বয়ে বিলুপ্ত হ’বলৈ ধৰাৰ সময়তে দুখজনকভাৱে একাংশ লোক আৰু মাছমৰীয়াই এই মাছ মাৰি চ’ক, গাঁৱৰ চুবুৰি আদিৰ বজাৰ তথা ঘৰে ঘৰে গৈ বিক্ৰী কৰাতহে লাগি গৈছে ।
উল্লেখ্য যে এই মাছবোৰে ব’হাগ মাহৰ পৰা জেঠ মাহৰ মাজভাগলৈ পানী যুঁৱলিত কণী পাৰি বংশবৃদ্ধি কৰিবলৈ লয় । এনে সন্ধিক্ষণত মাছ মৰা অথবা বিক্ৰী কৰিবলৈ লোৱাৰ ফলত জিলাখনত দিনক দিনে থলুৱা মাছৰ সংখ্যাও স্বাভাৱিকতে কমি আহিছে । ৰাজ্যখনৰ কেইবাটাও প্রকৃতিপ্রেমী সংগঠনে কণীযুক্ত মাছৰ চিকাৰ নকৰিবলৈ মাছুৱৈ আৰু অন্যান্য মাছ ধৰা ব্যক্তিক আহ্বান জনাইছিল যদিও ইয়াক আওকাণ কৰি গাভিনী মাছ আৰু কণীযুক্ত মাছ বিক্ৰী কৰাতহে যেন উঠিপৰি লাগিছে একাংশ মাছুৱৈ আৰু একাংশ লোক।
অসম চৰকাৰৰ মীন বিভাগ আৰু জিলা প্ৰশাসনৰ নির্লিপ্ত ভূমিকাত এনেদৰে গাভিনী মাছৰ ৰমৰমীয়া বেহা জিলাখনৰ বিভিন্ন প্ৰান্তৰ চ’ক, চুবুৰিৰ বাটে-পথে চলি আছে । ইয়াৰ পৰিণতিত থলুৱা মাছৰ প্ৰজাতিৰ হয়তো আগত দিনত সম্পূৰ্ণৰূপে বিলুপ্তি ঘটিব বুলিও একাংশ সচেতন লোকে দুখজনক মন্তব্য কৰা দেখা যায় । জিলা প্ৰশাসন আৰু মীন বিভাগক এইক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্রহণ কৰি থলুৱা মাছৰ উৎপাদন বৃদ্ধিত সহায় কৰিবলৈ সৰ্বস্তৰৰ ৰাইজে আহ্বান জনাইছে ৷
প্রেৰক তপন কুমাৰ শর্মা