নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰৰ গুদামৰ বাবে ধুবুৰীত জনস্বাস্থ্যলৈ অশনি সংকেত

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ : ধুবুৰী পৌৰসভা এলেকাত থকা এটা সাৰৰ গুদামে অঞ্চলটোৰ ৰাইজৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰাৰ গুৰুতৰ এক অভিযোগ উত্থাপিত হৈছে। আনকি চহৰখনৰ ৩নং ৱাৰ্ডস্থিত সাৰৰ সেই গুদামটোৰ বিৰুদ্ধে কালি অঞ্চলটোৰ স্থানীয় পৌৰ আয়ুক্তকে ধৰি ৰাইজে ধুবুৰী পৌৰসভাৰ অধ্যক্ষ আৰু কাৰ্য্যকৰী বিষয়াক এখন লিখিত অভিযোগ দিয়া বুলি জানিব পৰা গৈছে। পত্ৰখনত ঘন জনবসতিপূৰ্ণ আৱাসিক অঞ্চল এটাত ৰাসায়নিক সাৰ থকা সেই গুদামটোত কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা নথকা বুলি স্পষ্ট অভিযোগ কৰা হৈছে। আনকি পৌৰসভাৰ কোনোধৰণৰ অনুমতি অবিহনেই অবৈধভাৱে সেই গুদামটো চলি থকা বুলি সূত্ৰযোগে তথ্য লাভ কৰা বুলিও অভিযোগ পত্ৰখনত উল্লেখ আছে। স্বত্বাধিকাৰীক জনবসতিপূৰ্ণ সেই অঞ্চলটোৰ পৰা তেওঁৰ সাৰৰ গুদামটো স্থানান্তৰিত কৰাৰ বাবে কৰা অনুৰোধলৈ কৰ্ণপাত নকৰা হেতুকে ধুবুৰী পৌৰসভা কৰ্তৃপক্ষক গুদামটো স্থানান্তৰিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ বাবে অনুৰোধ জনাইছে অভিযোগকাৰীসকলে।

You might also like