নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী নদী বন্দৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দল

🔹 অচলাৱস্থা দূৰ কৰিবলৈ আৰম্ভ প্ৰাৰম্ভিক তদন্তৰ কাম

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰ : বিগত কেইদিনমানৰ পৰা স্তব্ধ হৈ পৰা ধুবুৰী নদী বন্দৰৰ অচলাবস্থাৰ বিষয়টোক লৈ তদন্ত চলাবলৈ কালি ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ এটা তিনিজনীয়া দল আহি উপস্থিত হৈছে বন্দৰটোত। প্ৰাধিকৰণৰ উপাধ্যক্ষ সুনীল কুমাৰ সিঙৰ নেতৃত্বাধীন বিনায়ক আজাদ (কাৰিকৰী) আৰু আঞ্চলিক সঞ্চালক (গুৱাহাটীৰ) এ চেলভাকুমাৰৰ উক্ত দলটো কালি সন্ধিয়া ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনস্থ  ধুবুৰীৰ পঞ্চুঘাটৰ নদী বন্দৰত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে। পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁলোকে উত্থাপিত অভিযোগ-প্ৰতি অভিযোগৰবোৰ তদন্ত কৰি শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিব বুলি জনায়। উল্লেখ্য যে ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত হোৱা এক বুজাবুজিৰ আধাৰত ভূটানৰ পৰা অহা শিল ধুবুৰীৰ এই নদী বন্দৰৰ পৰা বৰলুইতেৰে পঠিওৱা হৈছিল বাংলাদেশৰ চিলমাৰী নদী বন্দৰলৈ। প্ৰথমাৱস্থাত নদী বন্দৰটোৰ কাম-কাজ স্বাভাবিকভাৱেই চলি আছিল যদিও বিগত ২৫ আগষ্টৰ পৰা ভাৰতীয় জল প্ৰাধিকৰণে নদী বন্দৰটোৰ পৰিচালনা আৰু তত্ত্বাৱধানৰ অপাৰেটৰ ৰূপে মুম্বাইৰ মেচাৰ্ছ এ টু জেড এক্সিম নামৰ এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়াৰ পিছৰে পৰা বন্দৰটোত লাহে লাহে সৃষ্টি হ’বলৈ লৈছিল বিভিন্ন জটিলতাৰ। প্ৰতিষ্ঠানটোৱে দায়িত্ব পোৱাৰ পিছত নদী বন্দৰটোত নিয়োজিত মুঠ ১২গৰাকী নিৰাপত্তাৰক্ষীৰ ৬গৰাকীক কোনোধৰণৰ আগতীয়া জাননী নিদিয়াৰৈ বৰ্খাস্ত কৰাৰ অভিযোগ উঠিছিল আৰু এই ঘটনাই সৃষ্টি কৰিছিল ক্ষোভৰ। উল্লেখ্য যে নদী বন্দৰটোত চিএনএফ ৰূপে ৬গৰাকী ব্যক্তি জড়িত হৈ থকাৰ বিপৰীতে ৰপ্তানিকাৰী ৰূপে জড়িত হৈ আছে প্ৰায় ২০/২৫গৰাকী লোক। লাহে লাহে নদী বন্দৰটোৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা প্ৰতিষ্ঠান আৰু ৰপ্তানিকাৰীসকলৰ মাজৰ সম্পৰ্ক ইমানেই তিক্ত হৈ পৰিছে যে দুয়ো পক্ষই পৰস্পৰৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰো দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত বিগত ২২ নৱেম্বৰৰ দিনা ধুবুৰীৰ সেই নদী বন্দৰটোৰ সৈতে জড়িত জাহিদুল ইছলাম আৰু জাহিদুল আলম নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইপিনে, লোডিং চাৰ্জকে ধৰি অন্যান্য চাৰ্জ বৃদ্ধি কৰাক লৈ ক্ষুব্ধ ৰপ্তানিকাৰীসকলে মেচাৰ্ছ এ টু জেডে নদীবন্দৰটোত স্বেচ্ছাচাৰিতা চলাই থকাৰ অভিযোগ তুলি বাংলাদেশলৈ শিল প্ৰেৰণ কৰা বন্ধ কৰি দিয়ে আৰু ফলত বিগত কেইদিনমানৰ পৰা স্তব্ধ হৈ পৰে ধুবুৰীৰ নদী বন্দৰটো।

You might also like