সামাজিক মাধ্যমত প্ৰচাৰিত উৰাবাতৰিত ভীতিগ্ৰস্ত জনসাধাৰণ
বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : কলিয়াবৰত নৰখাদকৰ আতংকৰ মাজতে চাহ বাগিচাত কাম কৰিবলৈ ভয়ে ভয়ে ওলাই আহিছে শ্ৰমিক। যোৱা ২২ ডিচেম্বৰত বাঘে এজন লোকক ভক্ষণ কৰাৰ উত্তেজনা মাৰ নৌযাওঁতেই সামাজিক মাধ্যমৰ জৰিয়তে এতিয়া সমগ্ৰ কলিয়াবৰত বিয়পিছে বাঘৰ উৰা বাতৰি। বাঘৰ ভয়তে বন্ধ হৈ পৰিছে শিলঘাটৰ ত্ৰিশূলধাৰীৰ বনভোজ থলী। আনহাতে চোৰ গ’লে বুধি, বৰষুণ গ’লে জাপি। এতিয়া এই অৱস্থাই হৈছে কলিয়াবৰৰ বন বিভাগৰ। বাঘে এজন লোকক ভক্ষণ কৰাৰ পিছত এতিয়া তৎপৰ হৈ উঠিছে বন বিভাগ। বাঘৰ আতংকৰ মাজতে চাহ বাগিচাত ভয়ে ভয়ে কাম কৰিবলৈ ওলাই অহা শ্ৰমিকক সুৰক্ষা দিয়াত এতিয়া ব্যস্ত হৈ পৰিছে বন বিভাগ। কলিয়াবৰ চাহ বাগিচাত কলম কটা, জংঘল কটা আদি কামত নিয়োজিত শ্ৰমিকৰ সুৰক্ষাৰ বাবে বন বিভাগে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে বাগিচাৰ চৌদিশে তহল দিয়াৰ ব্যৱস্থা কৰিছে বন বিভাগে। ইফালে বাঘৰ আতংকৰ মাজতে এতিয়া সমগ্ৰ কলিয়াবৰত ওলাইছে বাঘৰ উৰা বাতৰি। সামজিক মাধ্যমৰ জৰিয়তে কলিয়াবৰৰ বিভিন্ন গাঁৱত বাঘে অৱস্থান গ্ৰহণ কৰা বুলি উৰাবাতৰি প্ৰচাৰ কৰিছে একাংশই। চত্তিশগড়ৰ এখন বাঘৰ ফটো লৈ ফেচবুক, ৱাটচাপ যোগে চলিছে বাঘৰ উৰাবাতৰি। এনে ফটো দেখি আতংকিত নহ’বৰ বাবে আহ্বান জনোৱাৰ লগতে ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবৰ বাবেও আহ্বান জনাইছে বন বিভাগে। ইফালে, বাঘৰ ভয়ত উদং পৰি আছে শিলঘাটৰ ত্ৰিশূলধাৰীৰ বনভোজস্থলী। নিজম পৰি আছে ব্ৰহ্মপুত্ৰৰ পাৰৰ ত্ৰিশূলধাৰীৰ বনভোজ থলী। উল্লেখ্য যে, কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা পথৰ লগতে শিলঘাটৰ ত্ৰিশূলধাৰী অঞ্চলতো সাধাৰণ লোকৰ প্ৰৱেশত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে কলিয়াবৰ সম জিলা প্ৰশাসনে। অৱশ্যে এই নিষেধাজ্ঞা উলংঘন কৰি একাংশই প্ৰৱেশ কৰিছে নিষিদ্ধ এলেকাতো।
প্ৰেৰক কনক হাজৰিকা