বিশেষ বাৰ্তা, ২২মাৰ্চঃ কংগ্ৰেছ চৰকাৰৰ আমোলত কেৱল একাংশ লোকৰ পুঁজি টনকিয়াল কৰিবলৈ স্থাপন কৰা কেতবোৰ প্ৰকল্পৰ বৰ্তমানৰ অৱস্থাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ অকৰ্মন্যতা ছবিখন প্ৰকট কৰি তুলিছে। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ অকৰ্মন্যতাৰ স্বাক্ষৰ হৈ জিলিকি থকা প্ৰকল্প সমূহৰ ভিতৰৰ এটা হ’ল নগাঁও বেম্ব’ মিউজিয়াম।তৰুণ গগৈ নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলত ৰকিবুল হুছেইন ৰাজ্যৰ বন আৰু পৰিৱেশ দপ্তৰৰ মন্ত্ৰী হৈ থকা সময়ত কেবাকোটি টকা ব্যয় সাপেক্ষে নগাঁও চহৰৰ মাজমজিয়াত নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত আৰু কলং নৈৰ পাৰত আৰম্ভ কৰা হৈছিল নগাঁও বেম্ব’মিউজিয়ামৰ কাম।
বহু কোটি টকীয়া নগাঁও বেম্ব’মিউজিয়ামৰ কাম কৰা হৈছিল নেচনেল বেম্ব’মিছনৰ অধীনত।২০১০বৰ্ষৰ পাঁচ এপ্ৰিলত এক আৰম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে নগাঁও বেম্ব’মিউজিয়ামটো ফিটা কাটি উদ্বোধন কৰিছিল তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ দপ্তৰৰ ৰাজ্য (স্বতন্ত্ৰ) মন্ত্ৰী জয়ৰাম ৰমেশে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সেই সময়ৰ ৰাজ্যখনৰ বন আৰু পৰিৱেশ দপ্তৰৰ মন্ত্ৰী ৰকিবুল হুছেইনো। ৰাষ্ট্ৰীয় বাঁহ মিছনৰ অধীনত কেবা কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা নগাঁও বাঁহ যাদুঘৰটো উদ্বোধন কৰি সিদিনা কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে কৈছিল যে ই ৰাইজৰ বাবে এক অন্যতম প্ৰধান আকৰ্ষণ হ’ব।বাঁহ শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত সহায়ক হ’ব। অৱশ্যে সিদিনা নগঞা ৰাইজে ও আশা কৰিছিল যে কলঙৰ পাৰত নিৰ্মাণ কৰা এই ব্যতিক্ৰমী বাঁহ যাদুঘৰটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। কিন্তু ৰাইজৰ আশাত চেঁচা পানী পৰিবলৈ সৰহদিন নালাগিল।বাহিৰৰ পৰা চকুত লগাগৈ কলঙৰ পাৰত নিৰ্মাণ কৰা কোটি টকীয়া নগাঁও বেম্ব’ মিউজিয়াম কেৱল এক প্ৰহসনহে আছিল। জয়ৰাম ৰমেশে উদ্বোধন কৰা গৃহটোত নগাঁও বেম্ব’ মিউজিয়াম বুলি এখন ফলক আঁৰি দিয়া হ’লেও তাৰ ভিতৰত যাদুঘৰত থাকিব লগীয়া বিশেষ কোনো আপুৰুগীয়া সম্পদ নাছিল। মাত্ৰ কেইটামান বাঁহৰ সামগ্ৰী,দেশ -বিদেশৰ বিভিন্ন প্ৰজাতিৰ বাহৰ নমূনাহে ৰখা হৈছিল।তাৰ বাহিৰে তাৰ ভিতৰ খন আছিল তেনেই ধোবাং বাং। সেয়েহে উদ্বোধন কৰাৰ পিছত তালৈ কেতিয়াও কোনো লোক ভূমুকি মাৰিবলৈ যোৱা পৰিলক্ষিত হোৱা নাছিল। পৰৱৰ্তী সময়ত এই নগাঁও বেম্ব’ মিউজিয়াটো গৰাকী বিহীন সম্পত্তিৰ দৰে জহি খহি যাবলৈ আৰম্ভ কৰে।সম্প্ৰতি হাবি জংঘল,যাৱৰ যোথৰে আগুৰি ধৰা নগাঁও বেম্ব’ মিউজিয়ামটোৰ খিড়িকী,ভেন্টিলেছন আদিৰ গ্লাচ সমূহ ভাগি পৰিছে।তাৰ ভিতৰত থকা সম্পদ সমূহো বৰ্তমান নাই।
প্ৰেৰক কনক হাজৰিকা