নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পালপাৰাৰ পানী যোগান কেন্দ্ৰৰ পানী পৰীক্ষাক লৈ উদ্বিগ্ন ধুবুৰীবাসী

🔹 নিমাত পৌৰসভা-প্ৰশাসন

নিয়মীয়া বাৰ্তা,  ৩ ফেব্ৰুৱাৰী : ধুবুৰী পৌৰসভাৰ এটা পানী যোগান কেন্দ্ৰৰ পানীত মাত্ৰাধিক আৰ্ছেনিক থকাৰ বিষয়টো উন্মোচিত হোৱাৰ পিছত পৌৰসভাৰ পালপাৰাত থকা মূল পানী যোগান কেন্দ্ৰৰ পানী পৰীক্ষা কৰা হৈছে নে নাই বুলি এক প্ৰশ্ন উত্থাপিত হৈছে ধুবুৰীত। উল্লেখ্য যে বিগত ৫ জানুৱাৰীৰ দিনা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধুবুৰী সংমণ্ডলে বিভাগটোৰ গুৱাহাটীস্থ ৰাজ্যিক ৰেফাৰেল পৰীক্ষাগাৰ (State Referral Labortory), চমুকৈ এছআৰএললৈ প্ৰেৰণ কৰিছিল পানীৰ এক নমুনা।  ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ চিলড্ৰেন পাৰ্কৰ একাষে থকা পৌৰসভাৰ পানী পৰিশোধন তথা পানী যোগান কেন্দ্ৰটোৰ পৰা বিভাগটোৱে সংগ্ৰহ কৰা পানীৰ সেই নমুনাত মাত্ৰাধিক আৰ্ছেনিক থকা বুলি এছআৰএলৰ পৰীক্ষাত উন্মোচিত হৈছিল। বৰ্তমানে পৌৰসভা কৰ্তৃপক্ষই চিলড্ৰেন পাৰ্কৰ সেই পানী যোগান কেন্দ্ৰটো বন্ধ ৰাখিছে আৰু বিকল্প ব্যৱস্থা ৰূপে অসম নগৰ পানী যোগান আৰু নিৰ্মাণ বৰ্ড (ASSAM URBAN WATER SUPPLY & SEWERAGE BOARD)ৰ চহৰখনৰ ১নং ৱাৰ্ডত থকা পানী যোগান কেন্দ্ৰটোৰ পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে চিলড্ৰেন পাৰ্কৰ পানী যোগান ধৰা কেন্দ্ৰটোৰে চহৰখনৰ মুঠ ১৬টা ৱাৰ্ডৰ মাথোঁ ১ আৰু ২নং ৱাৰ্ডতহে পানী যোগান ধৰিছিল পৌৰসভাই। ইপিনে, বিগত জানুৱাৰী মাহতেই চিলড্ৰেন পাৰ্কৰ পানী যোগান কেন্দ্ৰ এটাৰ পানীত আৰ্ছেনিক থকা বুলি ধৰা পৰাৰ পিছত আজিলৈ পৌৰসভাৰ পালপাৰাৰ মূল পানী যোগান কেন্দ্ৰটোৰ পানী পৰীক্ষা কৰা হ’ল নে নাই অথবা পৰীক্ষণত কি ফলাফল ওলাল, সেই প্ৰশ্ন কৰিছে বহুতেই। উল্লেখ্য যে পালপাৰাৰ সেই পানী পৰিশোধন তথা যোগান কেন্দ্ৰটোৰে চহৰখনৰ অধিকাংশ ৱাৰ্ডতে পানী যোগান ধৰি অহাৰ সমান্তৰালকৈ চহৰখনত অনুষ্ঠিত হোৱা বিয়া-সবাহতো পালপাৰাৰ পানী যোগান কেন্দ্ৰটোৰ পানীয়েই পৌৰসভাৰ পানীৰ টেংকিৰে যোগান ধৰি আছে পৌৰসভা কৰ্তৃপক্ষই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like