নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়া উন্নয়ন খণ্ড কাৰ্যালয়ত আত্মসহায়ক গোটৰ মহিলাৰ ৰণচণ্ডী ৰূপ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : বৰপেটাৰ বাঘবৰৰ মন্দিয়া উন্নয়ন খণ্ড কাৰ্যালয়ত আত্মসহায়ক গোট মহিলাৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মন্দিয়াৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ BPM মনীষ বৰকাকতিৰ বিৰুদ্ধে একাংশ গাঁও সংগঠনৰ মহিলাই অনা অভিযোগ আজি বিভাগীয়ভাৱে ৰাজ্যিক বিষয়াসকলে শুনি থকা মুহূৰ্ততে হঠাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত সংঘাতৰ সৃষ্টি হয়। ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মন্দিয়াৰ BPM মনীষ বৰকাকতিৰ বিৰুদ্ধে মহিলাক অশালীন ব্যৱহাৰ আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাত ইতিমধ্যে জিলা আয়ুক্তকে আদি কৰি বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দিয়াৰ পিছতো BPMগৰাকীৰ বিৰুদ্ধে আজিলৈকে বিভাগীয়ভাৱে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে আত্মসহায়ক গোটৰ মহিলাসকল। ইফালে পৰিস্থিতি বিষম দেখি BPMগৰাকীয়ে দিনৰ ডেৰ বজাতে কাৰ্যালয়ত তলা লগাই অফিচ বন্ধ কৰি যাবলৈ ওলোৱাত পুনৰ আত্মসহায়ক গোটৰ মহিলাসকলে বাহন আগুচি ধৰি জবাবদিহি কৰে। অন্যহাতে ৰাজ্যিক বিষয়াৰ দলটোৱেও পৰিস্থিতি অধিক উত্তপ্ত হোৱাত আত্মসহায়ক গোটৰ সদস্যাসকলৰ অভিযোগ শুনিব নোৱাৰি গুচি যাবলৈ বাধ্য হয়। অৱশ্যে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মন্দিয়া আৰক্ষী উপস্হিত হ’বলগীয়া হয়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like