নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰা পৌৰসভাক মুঠেও কেৰেপ নকৰে পদপথ ব্যৱসায়ীয়ে

🔹 পদপথৰ একাংশ ব্যৱসায়ীৰে মেনেজ হোৱাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২ জুন : বিলাসীপাৰা চহৰৰ পদপথ দখলকাৰী দোকানীক ৪৮ ঘন্ট‍া সময় বান্ধি দি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল পৌৰসভাই। কিন্তু ৪৮ ঘন্টা সময় পাৰ হৈ গ’ল কেতিয়াবাই। ৩ দিন উকলি যোৱাৰ পিছতো পদপথৰ দোকানীয়ে ভ্ৰূক্ষেপই নকৰিলে পৌৰসভাই জাৰি কৰা নিৰ্দেশনালৈ। বৰ্তমানলৈ খালী নহ’ল চহৰখনৰ পদপথ। উল্লেখ্য যে যোৱা ২৮ মে’ত পৌৰসভাৰ কাৰ্যবাহী বিষয়াই বিলাসীপাৰা চহৰৰ পদপথ দখল কৰা দোকানীসকললৈ জাৰি কৰিছিল কঠোৰ নিৰ্দেশনা। বিঃপৌঃসঃ ৩০০/২০২৪/১৪১নং জাননীযোগে বিলাসীপাৰা পৌৰসভাৰ কার্যবাহী বিষয়াই বজাৰ এলেকাত থকা পদপথ খালী কৰিবলৈ এক কঠোৰ নিৰ্দেশনা জাৰি কৰে। উক্ত নিৰ্দেশনাত প্ৰকাশ কৰে যে চহৰখনৰ বজাৰ এলেকাৰ দোকানীয়ে নিজ নিজ দোকানৰ বয়-বস্তুসমূহ নিজ নিজ দোকানৰ সন্মুখত তথা দোকানৰ সীমাৰ বাহিৰত পদপথ দখল কৰি ৰাখি সর্বসাধাৰণ ৰাইজৰ চলাচলত সমস্যাৰ সৃষ্টি কৰি আহিছে। তেওঁলোকক এই জাননী পোৱাৰ ৪৮ ঘন্টাৰ ভিতৰত সেই বয়-বস্তুবোৰ তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। তদুপৰি যিসকল দোকানীয়ে নিজ নিজ দোকানৰ চালৰ টিনপাত দোকানৰ সন্মুখফালে নিজৰ সুবিধার্থে পদপথ দখল কৰি অবৈধভাৱে বঢ়াই লৈছে, তেওঁলোককো এই জাননী পোৱাৰ ৪৮ ঘন্টাৰ ভিতৰত চালৰ উক্ত টিনপাত আঁতৰাবলৈ নির্দেশ দিয়া হয়। অন্যথা নির্দেশ অমান্যকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰে। বিষয়টো অতি জৰুৰী বুলি গণ্য কৰিবলৈ পদপথ দখলকাৰী দোকানীসকলক আহ্বান জনায়। পিছে এই নিৰ্দেশনালৈ কেৰেপেই নকৰিলে পদপথ দখলকাৰী দোকানীসকলে। নিৰ্দেশনাৰ সময়সীমা কেতিয়াবাই উকলিল যদিও পৌৰসভাৰ পৰা এইসকল দোকানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। সচেতন নাগৰিকে এইক্ষেত্ৰত পৌৰসভাখনক মুকলিকৈ সমালোচনা কৰিবলৈ লৈছে। পিছে পৌৰসভাৰ বিষয়াই এখন পত্ৰযোগে জানিবলৈ দিয়ে যে পৌৰসভাই বেদখলকাৰীসকলৰ বিৰুদ্ধে চৰকাৰী নীতি-নিয়ম অনুযায়ী পদক্ষেপ গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অনাগত দিনত বেদখলকাৰী দোকানীৰ পৰা পদপথ খালী কৰাব পাৰিবনে, সেয়া চহৰবাসীৰ বাবে লক্ষণীয় হৈ পৰিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like