নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্প্ৰে মাৰি অচেতন কৰি মহিলাক অত্যাচাৰ-লুটপাত

🔹 বাঘৰ আতংকৰ মাজতে ধিঙত স্প্রে গেঙৰ ধাৰাবাহিক সন্ত্রাস

বিশেষ বার্তা,  ২৫ জুলাই : নগাঁও জিলাৰ ধিঙত বাঘৰ আতংকৰ মাজতে অতি ভয়ংকৰভাৱে অব্যাহত আছে স্প্রে গেঙৰ সন্ত্রাস৷ অঞ্চলটোত আৰক্ষী–প্রশাসনৰ অস্তিত্বহীনতাকে সাব্যস্ত কৰি স্প্রে গেঙে ধাৰাবাহিকভাৱে সন্ত্রাস অব্যাহত ৰখাত ৰাইজ চৰম নিৰাপত্তাহীনতাত ভুগি আতংকৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে৷ যোৱানিশা ধিং চহৰৰ পার্শ্বৱর্তী শ’লগুৰি বামগাঁৱত এনে এটা স্প্রে গেঙে ষাঠি ঊৰ্ধ্বৰ এগৰাকী অকলশৰীয়া মহিলাৰ নাকে-মুখে চেতনানাশক স্প্রে মাৰি অচেতন কৰি লৈ লক্ষাধিক টকাৰ সোণ–ৰূপৰ আ–অলংকাৰ, সা–সম্পত্তি, নগদ ধন লুট কৰে৷ লগতে সংজ্ঞাহীন মহিলাগৰাকীক দুর্বৃত্তই দলবদ্ধভাৱে যৌন নির্যাতন চলোৱাৰো অভিযোগ তুলিছে আত্মীয়ই৷ অৱশ্যে মহিলাগৰাকীক যৌন নির্যাতনৰ কোনো তথ্য পোৱা নাই বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে৷ কিন্তু আজি পুৱা অতি গুৰুতৰভাৱে অসুস্থ হৈ পৰা অকলশৰীয়া মহিলাগৰাকীক ততালিকে অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ সম্প্রতি তেওঁ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ এই ঘটনাই সমগ্র ধিঙতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইপিনে, ঘটনা সন্দর্ভত ধিং আৰক্ষী থানাৰ আৰক্ষী অৱগত হোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ঘটনা সন্দর্ভত সন্দেহৰ ভিত্তিতে আৰক্ষীয়ে উজ্জ্বল আৰু ভগৱান নামৰ দুজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে৷ দুর্বৃত্তৰ দলটোৰ সদস্যসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই পর্যন্ত কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই৷ ভুক্তভোগী মহিলাগৰাকীৰ আত্মীয়ই সাংবাদিকৰ আগত কয় যে মহিলাগৰাকীক বলাৎকাৰ কৰা হৈছে৷ আনহাতে, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আজি সংবাদ মাধ্যমৰ আগত কয় যে মহিলাগৰাকীক বলাৎকাৰ কৰাৰ কোনোধৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰা নাই৷ আনকি চিকিৎসকেও বলাৎকাৰৰ কোনো তথ্য পোৱা নাই বুলি জনোৱাৰ কথাও সদৰী কৰে৷ তেওঁ কয় যে স্বাস্থ্য পৰীক্ষাৰ প্রতিবেদন অহাৰ পাছত সকলো পৰিষ্কাৰ হ’ব৷ ইপিনে, যোৱানিশা ধিং চহৰৰ নামডুমডুমীয়া সত্র গাঁৱতো স্প্রে গেঙে কেইবাঘৰতো তাণ্ডৱ চলায়৷ গাঁওখনৰ প্রতিষ্ঠিত ব্যৱসায়ী গোপাল নাথৰ ঘৰত লুটপাত চলোৱাৰ বাবে দুর্বৃত্তই ভেণ্টিলেটৰেদি চেতনানাশক স্প্রে মৰাত গোপাল নাথ, তেওঁৰ ১৯ বছৰীয়া পুত্র প্রজ্ঞান নাথ আৰু নাথৰ বৃদ্ধা শাহুৱেকগৰাকী সংজ্ঞাহীন হৈ পৰে৷ এই বিষয়ে নাথৰ আত্মীয়ই জানিব পাৰি তিনিওকে ততাতৈয়াকৈ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰায়৷ সম্প্রতি তিনিও সংকটজনক অৱস্থাত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে৷ ঠিক একেদৰে যোৱানিশা নামডুমডুমীয়া সত্র গাঁৱৰ নিৱাসী তথা ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কর্মচাৰী মঞ্জিত মেধিৰ ঘৰতো দুর্বৃত্তহ চেতনানাশক স্প্রে মৰাত মেধি আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ এটা নিশাৰ ভিতৰতে ধিঙৰ তিনি ঘৰত স্প্রে গেঙৰ তাণ্ডৱ চলাত ৰাইজ অধিক আতংকিত হৈ পৰিছে৷

প্ৰেৰক কনক হাজৰিকা

 

You might also like