নৱবৰ্ষত শোণিতপুৰৰ পিকনিকস্থলীত বনভোজকাৰীৰ ভিৰ
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী : ৰাইজে নৱৱৰ্ষক প্ৰতিবছৰৰ দৰে এইবেলি আদৰণি জনাইছে। নৱবৰ্ষৰ আদৰণি পৰ্ব চলি থকাৰ মাজতে শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰৰ বিভিন্ন বনভোজস্থলীসমূহত শ শ বনভোজ দলে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে। যান্ত্ৰিক যুগৰ ব্যস্ততাক একাষৰীয়া কৰি থৈ নলবাৰী, তেজপুৰ, নগাঁও, মৰিগাঁও, কলিয়াবৰ, জামুগুৰি, ৰঙাপৰা, মংগলদৈ, বিশ্বনাথ চাৰিআলি, চতিয়া, চাৰিদুৱাৰ, বালিপৰা, আদি কৰি বিভিন্ন ঠাইৰপৰা সৰু-বৰ বাহন, বাছ-টেম্পু লৈ এইকেইদিন শ শ বনভোজ দলে বালিপৰাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ জীয়াভৰলী নৈৰ পাৰ, বাৰমাইল, জালি, অৰুণাচলৰ টিপি, অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুং, সোণাই পামৰ বগৰীবাৰী, ধাৰিকাটি, হালধিবাৰী ইত্যাদি বিভিন্ন পৰ্যটনস্থলীত পুৱাৰেপৰা উপস্থিত হৈ যান্ত্ৰিকতাৰ বিপৰীতে সপৰিয়ালে, সবান্ধৱে হাঁহ, কুকুৰা, খাহি আৰু সংগীত সমন্বিতে এসাঁজ ভাত খাই চলিত বৰ্ষক আদৰণি জনোৱাত ব্যস্ত হৈছে। বনভোজ খোৱাৰ সমান্তৰালভাৱে একাংশ দেশী বিদেশী পৰ্যটকে জীয়ভৰলী নৈৰ বুকুত বনবিভাগৰ ব্যৱস্থাপনাত পৰিচালিত নৌহাবিহাৰ কৰি জীয়াভৰলী নৈৰ লগতে নৈখনৰ সমীপেদি বৈ যোৱা নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক শোভা, চৰাই-চিৰিকতি দৰ্শন কৰি সেইসমূহৰ স্থিৰচিত্ৰ নিজৰ কেমেৰাত বন্দী কৰাত ব্যস্ত। অঞ্চলটোৰ একাংশ বনভোজস্থলীত এইবেলি পৰিচালনা সমিতিসমূহে ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চেল্ফী পইণ্ট, বাঁহৰ দলং, বাঁহেৰে নিৰ্মিত জন্তুৰ আকৃতিও সংযোজিত কৰিছে। তদুপৰি, দূৰণিবটীয়া পৰ্যটকে অঞ্চলটোৰ নামেৰী, ভালুকপুং আদি পৰ্যটনস্থলীস্থিত জিৰণি কোঠাসমূহ বুক কৰাত এই উদ্যোগৰ সৈতে জড়িত ৰি’জৰ্ট ব্যৱসায়ীসকলো লাভান্বিত হোৱা বুলি জানিব পৰা গৈছে। একেদৰে অঞ্চলটোৰ বনভোজস্থলীসমূহত পৰিষ্কাৰ-পৰিচ্ছনতাৰ নীতি মানি চলিবলৈ অঞ্চলটোৰ সচেতন ৰাইজ, দল-সংগঠনে বনভোজদলসমূহক আহ্বান জনাই ঠায়ে ঠায়ে সচেতনমূলক বেনাৰো আঁৰি দিছে। বনভোজস্থলীসমূহত বনভোজৰ নামত একাংশই চলোৱা মদৰ অবাধ প্ৰচলন আৰু বনভোজস্থলীবোৰত মদ খাই বাহন পৰিচালনা কৰাৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ব্যৱস্থা গ্ৰহণ আৰু তেওঁলোকক নাকি লগাবলৈও আৰক্ষী-প্ৰশাসনক দাবী জনাইছে।
প্ৰেৰক প্ৰাঞ্জল বৰা