🔹 প্রতিষ্ঠা কালৰ বৰেণ্য ব্যক্তিৰ ত্যাগ-আদর্শক শ্রদ্ধাসহকাৰে স্মৰণ কৰাৰ প্ৰয়াস
নিয়মীয়া বার্তা, ১ মাৰ্চ : নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ গৰিমামণ্ডিত শিক্ষানুষ্ঠান বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে ২০২৩ চনত শতবর্ষ অতিক্রম কৰিছে৷ সেয়েহে বিদ্যালয়খনৰ প্রতিষ্ঠা কালৰ বৰেণ্য ব্যক্তিসকলৰ ত্যাগ আৰু আদর্শক শ্রদ্ধাসহকাৰে স্মৰণ কৰাৰ লগতে প্রাক্তন ছাত্র–ছাত্রীসকলক সন্মিলিত কৰি এক নান্দনিক আৰু বৌদ্ধিক পৰিৱেশত শতবার্ষিকী উৎসৱটো উদযাপনৰ মানস কৰি অহা ৯ মার্চত দিনৰ ১১ বজাত বিদ্যালয় চৌহদত এখন সাধাৰণ সভা আহ্বান কৰা হৈছে৷ উক্ত সভাত শিক্ষানুষ্ঠানখনৰ প্রাক্তন ছাত্র–ছাত্রী, অৱসৰপ্রাপ্ত শিক্ষক–কর্মচাৰী আৰু শুভাকাংক্ষীসকলৰ উপস্থিতি কামনা কৰিছে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডাঃ বিপিন চন্দ্র কলিতা, উপ–সভাপতি প্রতাপ চন্দ্র তালুকদাৰ আৰু অধ্যক্ষ তথা সদস্য সচিব মকিবৰ ৰহমানে৷