নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মটক জনগোষ্ঠীয় পৰম্পৰাগত গছতলৰ বিহুৰ সামৰণি

🔹 চাবুৱাত গাভৰু-ডেকাই বিহুতলীত সেৱা লৈ বিদায় দিলে চেনেহৰ বিহুটিক

নিয়মীয়া বার্তা, ২৮ এপ্রিল : অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুটিক বিভিন্ন প্রান্তত বিভিন্ন পৰম্পৰা অনুসৰি অনুষ্ঠিত কৰা দেখা যায়৷ ঠিক তেনেদৰে উজনি অসমৰ মটক জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলত অতীজৰে পৰা ৰঙালী বিহুক সুকীয়া ৰূপত দেখিবলৈ পোৱা যায়৷ বিশেষকৈ পহিলা ব’হাগৰ পৰা আৰম্ভ হোৱা গাভৰুসকলৰ গছতলৰ বিহু নির্দিষ্ট দিন ধার্য অনুসৰি অনুষ্ঠিত কৰাৰ পিছত সামৰণি পেলায়৷ এই বিহুক সামৰণি পেলোৱাকে প্রবাদ অনুসৰি বিহু উৰুৱা বুলি ৰাইজৰ মুখত শুনিবলৈ পোৱা যায়৷ বিশেষকৈ চাবুৱাৰ দংগৰচুক গাঁও, বৰবাৰী, চুংগীচুক, বগডুং ভৰলুৱা, মুদৈ, বৃহত্তৰ জেৰাই গাঁও, বৃহত্তৰ ৰহমৰীয়াৰ কেইবাখনো গাঁও, ৰজাবাৰী, ভাৰধৰা, টকৌবাম, ন–পাম, চেতিয়া গাঁও, বৃহত্তৰ নাদুৱা গাঁও, চেতিয়া পথাৰ, বামচুমনি, বালিজান নাহৰণি, বেতনি, পানীতোলা গাঁও, পানীমুদী, বৰুৱাহোলা, গন্ধীয়া গাঁও, পুলুঙা আমগুৰি, দেওধাই গাঁও, দিনজয় গাঁও আদি গাঁৱত বিহু উৰুৱা পর্ব সম্পন্ন হৈ যায়৷ ইয়াৰে সৰহসংখ্যক ৯ দিনীয়াকৈ বিহু অনুষ্ঠিত কৰা হৈছিল৷ প্রতিখন গাঁৱতে বিহু উৰুৱা দিনটোত কোনো ডেকা অন্য গাঁৱলৈ নগৈ নিজৰ গাঁৱতে থাকি বিহু উৰুৱা পর্বত অংশগ্রহণ কৰা দেখা যায়৷ দেখিবলৈ পোৱা মতে, পহিলা ব’হাগৰ দিনটোত গাভৰুসকলে পূর্বৰ পৰা অনুষ্ঠিত কৰা ঠাইতে থকা বৰগছ বা আজিকালি সহজে পোৱা অন্য গছৰ তলতে গাভৰুসকলে গাঁৱৰ জ্যেষ্ঠ আইসকলক নিমন্ত্রণ কৰি তামোল–পাণৰ শৰাই আৰু মা–প্রসাদ আগবঢ়াই সেৱা কৰি গছতলৰ বিহু মুকলি কৰে৷ সেই সময়তে গছজোপাৰ তলতে গাভৰুসকলে তামোল–পাণ দি সেৱা কৰি বিহু কৰিবলৈ আৰম্ভ কৰে৷ গাভৰুসকলে নিজে আলোচনা কৰি প্রতিটো ব’হাগতে সুবিধা অনুসৰি যেনে– ৭, ৯, ১১, ১৩, ১৫ দিনীয়া গছতলৰ বিহুখন আয়োজন কৰে৷ পূর্বতে এই বিহু সমগ্র দিনজোৰাকৈ আয়োজন কৰিছিল বুলি জানিব পৰা যায়৷ যুগৰ সলনি হোৱাৰ লগে লগে আজিকালি স্কুল, কলেজৰ পৰা আহি গাভৰুসকলে বিহুতলীলৈ আহিবলগীয়া হোৱাত আবেলি ২ বজাৰ পিছতহে গাভৰুসকল বিহুলৈ আহিবলগীয়া হয়৷ এই গছতলৰ বিহু চাবুলৈ অন্য গাঁৱৰ ডেকাসকল আহে৷ বিহুতলীখন বাঁহ বা মাটিত কোৰে চাপ মাৰি সীমা নিৰ্ধাৰণ কৰা হয় আৰু ডেকা, বুঢ়া, বিবাহিত পুৰুষ–মহিলা সেই সীমা অতিক্রম কৰি বিহুতলীত প্রৱেশ কৰিব নোৱাৰে৷ কোনোৱে যদি সেই সীমা অতিক্রম কৰে, সেয়া অপৰাধ হিচাপে গণ্য কৰা হয়৷ সামাজিকভাৱে তামোল–পাণ আৰু জৰিমনাসহ গাভৰুসকলৰ ওচৰত ক্ষমা বিচাৰিব লাগিব৷ সেয়ে সেই সীমা অতিক্রম কৰিবলৈ আজিৰ ডেকাসকলেও সাহস নকৰা পৰম্পৰা অটুট ৰখা দেখা যায়৷ গাঁৱৰ ডেকাসকলে নিজ গাঁৱৰ গছতলৰ বিহুখন কেতিয়াও নাচায়, কিয়নো নিজৰ বাই–ভনীসকলে বিহু কৰে বুলি৷ অন্য গাঁৱৰ ডেকাসকলে গছতলৰ বিহুতলীৰ গাভৰুসকলক বিহুনাম গাই নচুৱায়৷ গাভৰুসকলে ডেকাসকলৰ সমানে জোৰানাম জুৰি আনন্দ–স্ফূৰ্তি কৰা দেখা যায়৷ কোনোবা গাভৰুক ভাল লাগিলে ডেকাসকলে বিহুনামেৰে ইংগিত দিয়ে৷ দিনটোৰ বিহুৰ অন্তত ডেকাসকলে গাভৰুৰ পিছে পিছে গৈ গাভৰুগৰাকীৰ চোতাল পায়গৈ৷ মটক জনগোষ্ঠীৰ গাঁওসমূহত এনে নান্দনিক দৃশ্য আজিও বিৰাজমান হৈ আছে৷ গাভৰুৰ অভিভাৱকেও ডেকাসকলক কোনোধৰণৰ বেয়া ভাব প্রদর্শন কৰা দেখা নাযায়৷ বিহুৰ দিনত অহা অতিথিক আদৰ সম্ভাষণ জনায়৷ এনে বহু পৰম্পৰা অব্যাহত থকা মটক জনগোষ্ঠীৰ এই বিহুটিক এইবাৰ সৰহসংখ্যক গাঁৱত ৯ দিনত উৰুৱা দেখিবলৈ পোৱা গ’ল৷ গাভৰুসকলে হাতত টকা লৈ বিহুনাম গাই থকাৰ মাজতে গাঁৱৰ ভিতৰফালৰ পৰা ডেকাসকলে ঢোল–তাল বাই গছতলৰ বিহুৰ ফালে অগ্রসৰ হ’লেই গাভৰুসকলৰ মনবোৰ সেমেকি পৰে, কিয়নো চেনেহৰ বিহুখন সামৰণি পেলাবলৈ ডেকাসকল আগুৱাই অহা দেখি৷ ডেকাসকলে পৰম্পৰাগত সাজেৰে নিয়ম অনুসৰি গছতলৰ বিহুত প্রৱেশ কৰিলে ডেকা গাভৰুসকলে আঁতৰি দিয়ে৷ গাভৰুসকলে বিহু কৰা ঠাইতে তিনি পদ গোৱাৰ পিছতে সেৱা পর্ব অনুষ্ঠিত হয়৷ গছতলৰ বিহুত গোৱা পদ সুকীয়া৷ গাভৰুসকলে তামোল–পাণ, অৰিহণাৰে শৰাই আগবঢ়াই ডেকাসকলৰ সন্মুখত সেৱা লয়৷ ডেকা অর্থাৎ গৰখীয়াসকলে গাভৰুসকলক আশীর্বাদ প্রদান কৰি গছজোপাত এখন গামোচা এডাল বাঁহত লগাই পতাকাৰ দৰে উৰুৱাই বছৰ দিনলৈ বিহুখনৰ সামৰণি পেলায়৷ এনেদৰে বিহু উৰুৱা চাবলৈ গাঁওখনৰ বুঢ়া–মেথা, বোৱাৰী-আলহী আদিও আহে৷

প্ৰেৰক দিব্যজ্যোতি লাহন

You might also like