নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ সাংবাদিক অমিতাভ বৰুৱাক “প্ৰাকৃতিক”ৰ জীৱনজোৰা সাধনা বঁটা

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : অসমৰ এটি আগশাৰীৰ পৰিবেশ আৰু সাংস্কৃতিক বেচৰকাৰী সংগঠন “প্ৰাকৃতিক” নামৰ সংগঠনটিয়ে কালি সাংবাদিকতাৰে সুদীর্ঘ কাল অতিবাহিত কৰা অসম চৰকাৰৰ সাংবাদিক পেঞ্চন প্ৰাপ্ত থকা জীৱন জোৰা সাধনা বঁটাৰে বিভূষিত গুৱাহাটীৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তাৰ সাংবাদিক অমিতাভ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। সেই উপলক্ষে গুৱাহাটীৰ পৰা কলা-ৰত্ন সাহিত্য গৌৰৱ বঁটা প্ৰাপ্যক তথা “প্ৰাকৃতিক”ৰ সাংস্কৃতিক সম্পাদক মিনতি বৰুৱাই সাংবাদিক অমিতাভ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। দৰাচলতে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত কলা-ৰত্ন মিনতি বৰুৱাৰ কৰ্ম জীৱনৰ ওপৰত অসমৰ লগতে দেশ বিদেশৰ ১৩০ গৰাকী লেখকৰে সমৃদ্ধ বিভিন্ন ভাষাৰে সজোৱা মুকুট শৰ্মাৰ দ্বাৰা সম্পাদিত “জীৱন জিনাৰ কথাৰে” শীৰ্ষক অভিনন্দন গ্ৰন্থখনিৰ উন্মোচনী দিনা অসমৰ তিনি গৰাকী বিশিষ্ট ব্যক্তিক অনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱাৰ বাবে বাচনি কৰা হৈছিল আৰু ইয়াৰে বিহালী বৰগাঙৰ জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিকবান ব্যক্তি অমিতাভ বৰুৱাও এজন অন্যতম আছিল। পিছে উক্ত দিনা বিশেষ কাৰণবশত সাংবাদিক অমিতাভ বৰুৱা উপস্থিত থাকিব নোৱাৰাত কালি মিনতি বৰুৱা, কৃষ্ণ খেৰুৱাৰ আৰু প্ৰকাশ বৰুৱা সহিত অমিতাভ বৰুৱাৰ “প্ৰতীক্ষা” ভৱনত উপস্থিত হৈ এখন বিহুৱান, এখন মান পত্ৰ, এটি স্মাৰক আৰু দুখন গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা পত্ৰ পাঠ কৰে প্ৰকাশ বৰুৱাই আৰু কার্যসূচীৰ সুন্দৰ ভাবে আঁত ধৰে কৃষ্ণ খেৰুৱাৰে।

প্ৰেৰক ভুবন লুইটেল

You might also like