🔹 চৰকাৰী নলা-নৰ্দমা পোত যোৱাৰ ভয়ংকৰ পৰিণতি
🔹 বিধায়ক অখিল গগৈক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ
নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : শিৱসাগৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগৰ দিখৌ দলঙৰ সমীপৰ ঐতিহ্যমণ্ডিত ন-আলি অঞ্চলত কালিৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ কালি সন্ধিয়া পাঁচ মান বজাৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণজাকৰ পিছতেই ন-আলি অঞ্চলৰ অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে কৃত্ৰিম বানত বুৰ যোৱাৰ পিছতেই এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ মাত্ৰ দুঘন্টাৰ ভিতৰতে সমগ্ৰ অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ চৌহদ একাঁঠু পানীৰ তলত বুৰ যোৱাৰ পিছতেই এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অতি কম সময়ৰ ভিতৰতে বৰষুণৰ পানী বাসগৃহ চৌহদত ভৰি পৰাত পানী মটৰকে ধৰি প্ৰায়সংখ্যক পৰিয়ালৰে বিস্তৰ ক্ষতিসাধন হয় ৷ ইমান এক অবৰ্ণনীয় পৰিস্থিতিৰ পিছতো মাত্ৰ তিনি কিলোমিটাৰ নিলগত অৱস্থিত জিলা সদৰৰ কোনো শীৰ্ষ বিষয়াই চৰজমিন অনুসন্ধানৰ বাবে ঘটনাস্থলীত উপস্থিত নোহোৱা ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ক্ষোভিত ৰাইজে তাৎক্ষণিকভাৱে আবদ্ধ নৰ্দমা মুক্ত কৰি বানত বুৰ যোৱা পৰিয়ালসমূহক সকাহ দিবলৈ দাবী উত্থাপন কৰিছে ৷ উল্লেখ্য যে ন-আলি অঞ্চলটোৰ বহু পৰিয়াল দীৰ্ঘ সময় ধৰি বানৰ কবলত পৰি আহিছে ৷ বছৰ বছৰ ধৰি প্ৰশাসনক অৱগত কৰি আহিছে যদিও কোনো বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে প্ৰশাসনে ৷ বিশেষকৈ ন-আলি অঞ্চলৰ পৰা পানী ওলাই যোৱা নৰ্দমা পোত যোৱাৰ ফলত বৰষুণৰ পানী বৈ যোৱাত বাধাগ্ৰস্ত হৈছে ৷ আনহাতে, মূল চৰকাৰী নৰ্দমাকেইটা একাধিক স্থানত বেদখলীৰ কবলত পৰাত পূৰ্বৰ দৰে পানী ওলাই যোৱাত ব্যাপক বাধাৰ সৃষ্টি হৈছে ৷ পৰিণতিত কালি সন্ধিয়াৰ মুষলধাৰ বৰষুণজাক আৰু তাৰ পৰৱৰ্তী সময়ত নেৰানেপেৰাকৈ অব্যাহত থকা কিনকিনীয়া বৰষুণজাকৰ ফলত ন ন অঞ্চলত পানী সোমোৱাৰ লগতে ইটোৰ পিছত সিটো পৰিয়ালৰ বাসগৃহ কৃত্ৰিম বানত বুৰ গৈছে ৷ এই ভয়ংকৰ অৱস্থা সন্দৰ্ভত জিলা আয়ুক্তক বহুকেইগৰাকী সচেতন ব্যক্তিয়ে অৱগত কৰাৰ পিছত তাৎক্ষণিক ব্যৱস্থা লোৱাৰ আশ্বাসেৰে ঘটনাস্থলীলৈ বিষয়াৰ দল প্ৰেৰণৰ কথা অৱগত কৰিছিল যদিও সন্ধিয়া পৰ্য্যন্ত কোনো প্ৰশাসনিক বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত নোহোৱাত আক্ৰান্ত লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে জিলা আয়ুক্তগৰাকীৰ লগতে বিধায়ক অখিল গগৈক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান