🔹 দীর্ঘদিন কাম কৰাৰ পাছতো আনে পালে নিযুক্তি
বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰী : লখিমপুৰৰ বন বিভাগৰ অৰ্ধশতাধিক অস্থায়ী কৰ্মচাৰীয়ে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। কিয়নো দীর্ঘদিন ধৰি তেওঁলোকে বিভাগটোত কাম কৰি অহাৰ পাছত শেহতীয়াকৈ তেওঁলোকক নস্যাৎ কৰি তেওঁলোকৰ ঠাইত জিলাৰ বাহিৰৰ একাংশ লোকক নিযুক্তি দিয়া হৈছে। জিলাৰ সামাজিক বনানীকৰণ বিভাগত ঘটিছে এই ঘটনা। বিভাগটোত প্ৰায় নব্বৈ দশকৰ পৰাই ৬০জন লোকে চতুর্থ বৰ্গৰ কেজুৱেল শ্ৰমিক হিচাপে কাম কৰি আহিছিল। বিগত সময়ত চৰকাৰৰ নিৰ্দেশ ক্ৰমে তেওঁলোকৰ নাম স্থায়ী নিযুক্তিৰ বাবে প্ৰেৰণ কৰা হৈছিল। ১৯৯৩ চনতে চৰকাৰৰ আহ্বানক্ৰমে জিলা বন বিভাগে তেওঁলোকৰ নামৰ তালিকা চৰকাৰলৈ প্ৰেৰণ কৰিছিল। সময়ে সময়ে তেওঁলোকৰ চাকৰি স্থায়ী কৰাৰ দাবী উঠিছিল যদিও চৰকাৰে নিযুক্তি দিয়া নাছিল। কিন্তু শেহতীয়াকৈ চৰকাৰে জিলাখনৰ বন বিভাগত ৫১জন বেলেগ জিলাৰ লোকক নিযুক্তি দিয়ে। চৰকাৰৰ এই কাৰ্য্যত তেওঁলোক হতভম্ব হৈ পৰে। দীর্ঘদিন ধৰি তেওঁলোকে কেজুৱেল শ্ৰমিক হিচাপে কাম কৰি আছিল যদিও এতিয়া তেওঁলোকক নস্যাৎ কৰি বেলেগ ৫১জনক নিযুক্তি দিয়া হ’ল। যিখিনি জিলাখনত পূৰ্বতে কাহানিও অস্থায়ী হিচাপে হ’লেও কাম কৰাৰ নজিৰ নাই বুলি তেওঁলোকে প্ৰকাশ কৰে। চৰকাৰৰ এনে কাৰ্য্যত বঞ্চিত কেজুৱেল শ্ৰমিকসকলে জিলা আয়ুক্ত, মুখ্যমন্ত্রী, বন বিভাগৰ শীর্ষ বিষয়া আদিলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি সুবিচাৰৰ দাবী জনাইছিল যদিও এই পৰ্যন্ত তেওঁলোকক কোনেও সঁহাৰি জনোৱা নাই। ফলত চৰম ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে কয়- ১৯৯৩ চনৰ আগৰে পৰা বনানীকৰণ বিভাগত কেজুৱেল শ্রমিক হিচাপে কাম কৰি অহা এইসকল লোকক বঞ্চনা কৰাটো সহ্য কৰা নহ’ব। নতুনকৈ নিযুক্তি দিয়াসকলক লৈ তেওঁলোকৰ বিৰোধ নাই। কিন্তু চৰকাৰে সমান্তৰালকৈ তিনি দশকে কাম কৰি থকাসকলকো স্থায়ী নিযুক্তি দিব লাগিব। তেওঁলোকক বঞ্চনা কৰি নতুন নিযুক্তি দিয়াটো গভীৰ পৰিতাপ আৰু অমানৱীয় বিষয় বুলি উল্লেখ কৰে। এই নিযুক্তিৰ তেওঁলোকে এক তদন্তৰো দাবী জনায়। তদন্ত কৰি দোষীক শাস্তি দিয়াৰ লগতে পুৰণি কেজুৱেল শ্রমিকসকলক স্থায়ী নিযুক্তি দিবলৈ আহ্বান জনায়, অন্যথা জিলাৰ বন সংমণ্ডলৰ কাৰ্য্যালয়ত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব বুলি তেওঁলোকে হুংকাৰ দিয়ে।
প্ৰেৰক জীৱন গোস্বামী