নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচী মেলাক লৈ নতুন পথ নির্দেশনা যান–বাহন আৰক্ষীৰ

বিশেষ বার্তা, ২২ জুন : আজিৰ পৰা আৰম্ভ অম্বুবাচী মেলা৷ নীলাচলৰ বুকুত অনুষ্ঠিত অম্বুবাচী মেলাত সম্ভাব্য যান–জঁটৰ প্রতি লক্ষ্য ৰাখি মহানগৰ জিলা যান–বাহন আৰক্ষীয়ে নতুন পথ নির্দেশনা জাৰি কৰিছে৷ আজি পুৱা ৫ বজাৰ পৰা ২৫ জুনৰ মাজনিশালৈ এই নির্দেশনা প্রযোজ্য হ’ব৷ যান–বাহন আৰক্ষীয়ে জাৰি কৰা নির্দেশনাৰ ক্ষেত্রত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত বাহনসমূহ অন্তর্ভুক্ত নহয়৷
🔹 কামাখ্যা হিলছৰ পৰা মা–কামাখ্যা ধামলৈ কোনো যান–বাহন চলাচল কৰিব নোৱাৰিব৷ অৱশ্যে জিলা প্রশাসনৰ অনুমতি থকা যান–বাহনসমূহ চলাচলত বাধা আৰোপ কৰা হোৱা নাই৷
🔹 প্রশাসনৰ অনুমতি থকা বাহন আৰু ফেৰী পাণ্ডু কেবিন তিনিআলিৰ পৰা বংশী বাগানলৈ চলাচল কৰিব পাৰিব৷ অৱশ্যে বংশী বাগানৰ পৰা মূল মন্দিৰলৈ এইসমূহ যান–বাহনৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷
🔹 জালুকবাৰী দিশৰ পৰা ভক্ত কঢ়িয়াই অনা বাহনসমূহ নীলাচল উৰণ সেতুৰ তলৰ ৩নং ৰে’লগেটত ভক্তসকলক নমাই দি পুনৰ ইউ টার্ন লৈ আদাবাৰী বাছ আস্থান আৰু বড়িপাৰা ফিল্ডত পার্কিং কৰিব পাৰিব৷
🔹 ভৰলুমুখ দিশৰ পৰা ভক্ত কঢ়িয়াই অনা বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে গৈ স্বাগত হাস্পতালৰ সমীপত যাত্রীক নমাই দিয়াৰ পিছত পোনে পোনে আদাবাৰী আৰু বড়িপাৰাৰ পার্কিং আস্থানত প্রৱেশ কৰিব৷
🔹 জালুকবাৰী ৰ’টাৰী পইণ্টৰ পৰা মাছখোৱালৈ চলাচল কৰা এএছটিচি, চিটীবাছ আৰু ব্যক্তিগত বাহনসমূহ নীলাচল উৰণ সেতুৰে চলাচল কৰিব পাৰিব৷
🔹 জালুকবাৰী দিশৰ পৰা যাত্রী কঢ়িয়াই অনা চিটীবাছৰ যাত্রীসকলক বিশ্বকর্মা মন্দিৰৰ সন্মুখত নমাই দিয়াৰ লগতে ভৰলুমুখ দিশৰ পৰা অহা চিটীবাছৰ যাত্রীসকলক বড়িপাৰা ফিল্ডত নমাই দিয়াৰ নির্দেশ দিছে যান–বাহন আৰক্ষীয়ে৷
🔹 কামাখ্যা মন্দিৰলৈ যোৱা ভক্তসকলৰ তিনিচকীয়া আৰু দুচকীয়া বাহনসমূহ আদাবাৰী বাছ আস্থান অথবা বড়িপাৰা ফিল্ডত পার্কিং কৰিব লাগিব৷
🔹 নীলাচল উৰণ সেতুৰ তলত যান–বাহন পার্কিং সম্পূর্ণৰূপে নিষদ্ধ কৰা হৈছে৷
🔹 আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প’ৰ্টলৈ আৰু মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু প’ৰ্ট, বৰবজাৰ পথৰ দুয়োকাষে কোনো যান–বাহন পার্কিং কৰিব নোৱাৰিব৷
🔹 জালুকবাৰী ৰ’টাৰী পইণ্টৰ পৰা মাছখোৱালৈ বাণিজ্যিক সামগ্রী কঢ়িওৱা গধুৰ যান–বাহনৰ প্রৱেশ সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু বাণিজ্যিক সামগ্রী কঢ়িওৱা তিনিচকীয়া বাহনৰ ক্ষেত্রতো এই নিষেধাজ্ঞা প্রযোজ্য হ’ব৷
🔹 ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডৰ আন্তঃজিলা তথা এএছটিচিৰ দীঘল বাছসমূহৰ প্রৱেশত বাধা আৰোপ কৰা হৈছে৷
🔹 নামনি অসমৰ পৰা বাছসমূহ মাছখোৱাৰ পৰিৱর্তে আদাবাৰী বাছ আস্থানলৈকে চলাচলৰ অনুমতি প্রদান কৰা হৈছে৷
🔹 গোশালাৰ পৰা তেতেলীয়া হৈ কোনো গধুৰ বাহন ২৭নং ৰাষ্ট্রীয় ঘাইপথত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

You might also like