নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোল–পেঁপাৰ শবদত ৰজনজনাইছে ৰাজ্য

🔹 বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ দুটা দিন

বিশেষ বাৰ্তা, ১১ এপ্রিল : ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি টিহিটি মাতেৰে ৰজনজনাইছে ৰাজ্য৷ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া মাথোঁ সীমাহীন ব্যস্ততা৷ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ দুটা দিন৷ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ ৰঙালী বিহুটিক আদৰিবলৈ ৰাইজে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ ৰাজ্যৰ চুকে–কোণে চলিছে বিহুনাচৰ কর্মশালা৷ বাঘা ঢুলীয়াৰ ঢোলৰ ছেৱত টাকুৰি ঘূৰাদি ঘূৰিবলৈ নাচনীসকলো সাজু হৈ পৰিছে৷ ১৪ এপ্রিলৰ দিনা গৰু বিহুৰ আৰম্ভণিৰ লগে লগে ৰাজ্যজুৰি অনুষ্ঠিত হ’ব ৰঙালীৰ উদযাপন৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গাইছিল – ‘ব’হাগ মাথোঁ এটি ঋতু নহয়/ নহয় ব’হাগ এটি মাহ/অসমীয়া জাতিৰ ই আয়ুসৰেখা’৷ সঁচাকৈয়ে অসমীয়াৰ আয়ুসৰেখা ব’হাগ… বহিৰাগতৰ প্রব্রজনে অসমীয়াৰ আয়ুসৰেখাডাল ক্রমাৎ সংকুচিত কৰি আনিছে৷ তাৰ মাজতে জাত্যাভিমানী অসমীয়াই প্রাণৰ আপোন ব’হাগৰ বিহুটিক আদৰিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই৷ অসমীয়া যুৱক–যুৱতীৰ প্রাণ উতলোৱা ব’হাগ৷ ব’হাগৰ আগমনৰ লগে লগে ঢুলীয়া–নাচনীৰ লগতে সকলো ফালৰ পৰাই ৰাইজ ব্যস্ত হৈ পৰিছে৷ এটা সময় আছিল চেনায়ে পাহাৰ বগাই বগাই অনা কপৌফুল পাহি নেঘেৰি খোপাত বান্ধিবলৈ আকুলতাৰে অপেক্ষা কৰিছিল চেনেহীয়ে৷ বিশ্বায়নৰ যুগে সেই মাদকতা কেতিয়াবাই নষ্টালজিয়াত পৰিণত কৰিলে৷ আজি কপৌফুল বিচাৰি চেনায়ে ওখ দুর্গম পাহাৰ বগোৱাৰ প্রয়োজন নাই৷ বিহু উপলক্ষে ৰাজ্যৰ বাটে–ঘাটে অনুষ্ঠিত মেলাবোৰত উপলব্ধ হৈছে কপৌফুল৷ প্রয়োজন মাথোঁ কিছু অর্থৰ৷ ঠিক তেনেদৰে ম’হৰ শিঙৰ পেঁপা আৰু ঢোল এসময়ত অসমীয়াই নিজে তৈয়াৰ কৰি লৈছিল যদিও আজি বজাৰত সকলো উপলব্ধ৷ বিহুৰ এই আনন্দৰ মাজতে গছ–গছনি, ঘৰ–দুৱাৰ তহিলং কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কালি একপ্রকাৰ তাণ্ডৱ চলালে বৰদৈচিলাই৷ দিনৰ ভাগত ৰাজ্যৰ প্রান্তে প্রান্তে বৰদৈচিলাৰ কোবাল গতিয়ে সৃষ্টি কৰিলে ধ্বংসলীলাৰ৷ গছ–গছনিৰ লগতে ৰাইজৰ টিনপাতো উৰুৱাই লৈ গ’ল বৰদৈচিলাই৷ আওপকীয়াকৈ হ’লেও বৰদৈচিলাৰ এনে অভূতপূর্ব আগমনে ৰঙালী বিহুৰ আগজাননী দিলে৷ ১৪ এপ্রিলত গৰু বিহু৷ তাৰ পিছদিনাখনে মানুহ বিহু৷ চেনেহৰ বিহুৱানৰ আদান–প্রদানৰ জৰিয়তে সৰুৱে ডাঙৰৰ আশীর্বাদ লোৱাৰ লগতে চেনেহীয়ে গোপনে মৰম যাচিব প্রিয়তমক৷ অকল এই দুদিনে নহয়, সম্পূর্ণ ব’হাগৰ মাহটো ঢোলৰ গুমগুমনিত কঁপিব ৰাজ্যৰ বিভিন্ন বিহুতলী৷ সমান্তৰালভাৱে পথাৰৰ মাজতো অনুষ্ঠিত হ’ব মুকলি বিহু৷ মুঠৰ ওপৰত যিমানেই সমস্যা নাহক কিয়, বাপতিসাহোন ৰঙালী বিহুটিক আড়ম্বৰপূর্ণভাৱে আদৰিবলৈ সাজু হৈছে অসমৰ অসমীয়াই৷ বিহুনামৰ ভাষাত– ‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ’৷

You might also like