নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত বালিপৰাৰ কেইবাখনো গাঁও

🔴 বানত বুৰিল চৰকাৰী বিদ্যালয়-বিদ্যুৎ বিভাগৰ কাৰ্যালয়, অঞ্চলটোত বিদ্যুৎ কৰ্তন
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ শোণিতপুৰৰ বালিপৰাত  ভয়াৱহ বানত বুৰিল ভালেকেইখন গাঁও। ৰাইজৰ মাজত হাহাকাৰ । জৰাসৰ নৈৰ  ভয়াৱহ বানত বুৰিল ৰাইজৰ ঘৰ-দুৱাৰ, ৰাষ্ট্ৰীয় ঘাইপথ, বিদ্যুৎ বিভাগৰ কাৰ্যালয়, চৰকাৰী বিদ্যালয় ইত্যাদি । ভূক্তভোগী ৰাইজে জনোৱা অনুসৰি,  যোৱা  নিশা  বিজুলী-ঢেৰেকনিৰে বালিপৰা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত  অহা প্ৰবল  বৃষ্টিপাতৰ ফলত আজি পুৱাৰে পৰা ফেনে-ফোটোকাৰে বাঢ়ি অহা জৰাসৰ নৈৰ বাঢ়নী পানীয়ে এফালৰ পৰা বুৰাই নিয়ে ক্ৰমে বালিপৰাৰ দীঘলী বালিজান, দীঘলী গাঁও, বামগাঁও, উদমাৰীগাঁও, কমাৰীগাঁও, ঢেকেৰীগাঁও, ওপৰ ঢেকেৰী গাঁও ইত্যাদি  কেইবাখনো গাঁও । গঞা ৰাইজৰ ঘৰ-দুৱাৰ , কৃষিভূমি বানত বুৰাৰ ফলত ৰাইজ, পশুধনে খাদ্য, আশ্ৰয়স্থলৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । বাতৰি লিখা সময়লৈকে  দীঘলীগাঁও-বালিপৰা সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ সদাব্যস্ত পথ, বালিপৰা-লখিমপুৰ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ, বালিপৰা-দীঘলী বালিজান সংযোগী পথ, বালিপৰা চিকিৎসালয়-দীঘলী বালিজান সংযোগী পথ, বালিপৰা বিদ্যুৎ বিভাগৰ কাৰ্যালয়,কমাৰীগাঁও প্ৰাথমিক বিদ্যালয়, দীঘলী বালিজান প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণৰূপে বানত বুৰ গৈছে । উল্লেখ্য যে বালিপৰা বিদ্যুৎ বিভাগৰ কাৰ্যালয়টো বানত বুৰ যোৱাৰ ফলত বিভাগটোৰ কৰ্মচাৰীয়ে বালিপৰা-লখিমপুৰ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত বিদ্যুৎ বিল গ্ৰহণ কৰি থকাটোও পৰিপক্ষিত হৈছে ।  আনহাতে, চাৰিদুৱাৰৰ ওৰহীলগাত বানত ভাঙিল  ওৰহীলগা-ৰঙাপৰা সংযোগী পথৰ কালভাৰ্ট । ফলত বৃহত্তৰ অঞ্চলবাসী ৰাইজে জলবন্দী হ’বলগীয়া হৈছে ।  জৰাসৰৰ সমান্তৰালভাৱে বালিপৰাৰ মানশিৰি নৈৰ বানে বুৰাইছে ভকতগাঁৱৰ সমীপৰ ভাৰতীয় সেনা বাহিনীৰ ছাউনী, দীঘলী মানশিৰিৰ অংশ ।
প্ৰেৰক প্ৰাঞ্জল পি বৰা
You might also like