নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেহেলগামৰ নৰসংহাৰক লৈ ধুবুৰী ত অব্যাহত দল-সংগঠনৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ কাশ্মীৰৰ পেহেলগামৰ নৰসংহাৰৰ ঘটনাক লৈ আজিও ধুবুৰী ত অব্যাহত আছে বিভিন্ন দল-সংগঠন-ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। আজি দুপৰীয়াৰ ভাগত ধুবুৰীত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় ধৰ্ণা কাৰ্যসূচী তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ। সংগঠনটোৰ ধুবুৰী জিলা সমিতিয়ে ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজিত কৰা উক্ত কাৰ্যসূচীৰ আৰম্ভণিত পহেলগামত অকাল মৃত্যুক সাৱটা পৰ্য্যটক সকলৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ অন্তত সিদিনাৰ সেই ঘটনাক তীব্ৰ গৰিহণা দি দুই ঘন্টীয়া এক প্ৰতিবাদ কাৰ্যসূচীও অনুষ্ঠিত কৰে বিশ্ব হিন্দু পৰিষদে। ইপিনে পহেলগামৰ ঘটনাৰ প্ৰতিবাদত আজি ধুবুৰী আইন‌ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী সকলে মহাবিদ্যালয়খনৰ চৌহদৰ পৰা এক প্ৰতিবাদী সমদল উলিওৱাৰ সমান্তৰালকৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত কৰে। আনহাতে, আজি সন্ধিয়া ৬ বজাত পহেলগামৰ নৰসংহাাৰত মৃত্যু হোৱা পৰ্য্যটক সকলৰ স্মৃতিত ধুবুৰী চহৰৰ মাজমজিয়াৰ ধানপট্টি চাৰিআলিত ভাৰতীয় জনতা যুব মৰ্চা, ধুবুৰী জিলাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হোৱা বুলিও জানিব পৰা গৈছে।

You might also like