নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ‘পয় লেং’ উৎসৱ অনুষ্ঠিত কৰিবলৈ প্রস্তুতি চলোৱা হৈছে। উল্লেখ্য যে চলাপথাৰ শ্যাম গাঁৱত বিগত বৰ্ষৰ ২৩ আগষ্টৰ নিশা ৯৮ বছৰ বয়সত বার্ধক্যজনিত কাৰণত নিৰ্বাণগামী হোৱা ড° শাসনবংশ মহাথেৰা ভান্তেৰ শৱদেহ গাঁওখনৰ নিয়মানুসৰি, পৰম্পৰাগত আৰু বিজ্ঞানসন্মতভাৱে এটি কফিনত ভৰাই ‘নিক পান ক্যং’ নামেৰে এটি গৃহত সংৰক্ষণ কৰা অৱস্থাত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভান্তেগৰাকীৰ শৱদেহৰ ‘পয় লেং’ উৎসৱ উদযাপন কৰিবলৈ গাঁওখনত ব্যাপক প্রস্তুতি চলোৱা হৈছে। কাইলৈৰ পৰা তিনিদিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত হ’ব। উল্লেখ্য যে পয় লেং টাই ভাষাৰ দুটা শব্দৰ সমষ্টি- ‘পয়’ মানে উৎসৱ আৰু ‘লেং’ মানে ৰথ অর্থাৎ ৰথোৎসৱ। উল্লেখযোগ্য যে গুণৱান বৌদ্ধভিক্ষুৰ মৃত্যুৰ পাছত তেওঁৰ সংৰক্ষিত শৱদেহৰ অৱশিষ্ট এখন ৰথত স্থাপন কৰি বৌদ্ধ ধর্মীয় নীতি-নিয়ম পালন কৰি ভিক্ষুগৰাকীৰ পৰিনিৰ্বাণ প্রাপ্তিৰ কামনা কৰা হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱৰ শেষৰ দিনা মৃত বৌদ্ধভিক্ষুগৰাকীৰ সংৰক্ষিত দেহৰ অৱশিষ্টসহ ৰথখন জ্বলাই দিয়া হয়। মন কৰিবলগীয়া যে এগৰাকী বৌদ্ধ ভিক্ষুৰ মৃত্যু হ’লে তেওঁৰ শৱদেহ লগে লগে দাহ কৰা বা কবৰ দিয়া নহয়। ভিক্ষুগৰাকীৰ শৱদেহ সাত-আঠ মাহলৈ পৰম্পৰাগত আৰু বিজ্ঞানসন্মতভাৱে এটি কফিনত ভৰাই ‘নিক পান ক্যং’ নামেৰে এটি গৃহত সংৰক্ষণ কৰা হয়। ইয়াৰ পিছত ‘পয় লেং’ উৎসৱৰ আয়োজন কৰি উক্ত কফিন ৰথত স্থাপন কৰা হয়। উক্ত ৰথতেই ভিক্ষুগৰাকীৰ প্রতি শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ পিছত উপস্থিত ৰাইজে উক্ত ৰথ দুয়োফালৰ পৰা ৰছী টনা খেলৰ দৰে টনাটনি কৰে। এই কাৰ্য এক পুণ্যৰ কাম বুলি ধৰা হয় আৰু ইয়াৰ দ্বাৰা মৃত ভিক্ষুজনাই সন্তুষ্টি লাভ কৰে বুলি বিশ্বাস কৰা হয়। বিশেষভাৱে মন কৰিবলগীয়া যে এগৰাকী ভিক্ষুৰ শৱদেহ সংৰক্ষণ আৰু ‘পয় লেং’ উৎসৱৰ জৰিয়তে প্ৰতিগৰাকী বৌদ্ধভিক্ষুৱে মানৱ দেহ যে প্রাকৃতিক তত্ত্বৰে গঠিত আৰু এই দেহ যে অস্থায়ী, ইয়াকে কৈ যায়। সময়ৰ লগে লগে দেহ ক্ষয় যায় আৰু জন্মৰ দৰে মৃত্যুও এক প্রাকৃতিক পৰিঘটনা। গতিকে এই পৃথিৱীৰ জ্বালা-যন্ত্রণাক মৃত্যুৰ জৰিয়তে অতিক্ৰম কৰাত দুখ কৰিব লগা একো নাথাকে বুলি জ্ঞান বিলায়। ড° শাসনবংশ মহাথেৰাৰ ‘পয় লেং’ উৎসৱত উত্তৰ-পূব ভাৰতৰ বৌদ্ধ ধর্মীয় ৰাইজৰ লগতে জাতি-ধর্ম নির্বিশেষে তিনিটা দিনত এক লাখ লোকৰ সমৱেশ ঘটিব বুলি আশা কৰা হৈছে। অনুষ্ঠানটোত দক্ষিণ কোৰিয়া, থাইলেণ্ড, ম্যানমাৰ আৰু চীনৰ অতিথিৰো আগমন ঘটিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে উৎসৱ উদযাপন কৰা উপলক্ষে ইতিমধ্যে ইয়াৰ লাইখুঁটা স্থাপন কৰা হয়। সম্প্রতি প্রায় সাত হেক্টৰ পথাৰৰ মাটিত মূল উদযাপনস্থলীত পৰিণত কৰাৰ প্রস্তুতি চলিছে। তিনিদিনীয়াকৈ চৰাইদেউ চলাপথাৰত আয়োজিত ‘পয় লেং’ উৎসৱত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।
প্ৰেৰক দীপাংকৰ পাল