নিয়মীয়া বাৰ্তা, ৯ আগষ্ট : দলঙৰ ঠাইত দুডাল বাঁহ। বিপজ্জনকভাৱে বাঁহেৰে পাৰাপাৰ হয় ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ। বিকশিত অসম মুলুকৰ এক বিপজ্জনক যাতায়াতৰ ছবি | কামৰূপৰ নগৰবেৰাৰ টুপামাৰীত পোহৰলৈ আহিছে নিত্য যাতায়াতৰ এই ছবিখন | এসময়ত এই স্থানত এখন দলং আছিল। কালৰ সোঁতত দলং ভাঙি অৱশিষ্ট খুঁটাবোৰহে আছে কোনোমতে থিয় হৈ |উপায়বিহীন গঞাই পাৰাপাৰ হ’বলৈ পাৰি লৈছে দুডাল বাঁহ আৰু ৰছীৰে গাঁঠি লগাই অব্যাহত ৰাখিছে যাতায়াত | ভৰি পিছলিলেই বিপদ অনিবাৰ্য | ৰাইজৰ এনে যাতায়াতৰ আহুকাল প্ৰত্যক্ষ কৰিও সমষ্টিৰ বিধায়কে নীৰৱ হৈ থকাৰহে অভিযোগ। নগৰবেৰা-টুপামাৰী হৈ সোণতলী সংযোগী ব্যস্ত পথত যাতায়াতৰ এই বিড়ম্বনা। শীঘ্ৰে এই স্থানত এখন পকী দলঙৰ দাবী জনাইছে ভুক্তভোগী গঞাই | প্ৰশ্ন হয়- আগলৈ ৰাইজে বিচৰা ধৰণে দলং নিৰ্মাণ হ’বনে এই স্থানত ?
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস