নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত কংগ্ৰেছৰ দুই জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

চতিয়াল-পুৱথৰীয়া জিলা পৰিষদত অগপৰ  পুণ্যলতা বৰুৱা আৰু দ্বাৰ বাগৰি জিলা পৰিষদত  বিজেপিৰ জিতেন গৌড় বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। চতিয়াল-পুৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰীতামণি কলিতা আৰু দ্বাৰ-বাগৰি জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী যশৱন্ত চৌহানে মনোনয়ন প্ৰত্যাহাৰ কৰে। ফলত এই দুটা জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰযোটৰ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্তিতাৰে নিৰ্বাচিত হৈছে। চতিয়াল-পুৱথৰীয়া জিলা পৰিষদত অগপৰ  পুণ্যলতা বৰুৱা আৰু দ্বাৰ বাগৰি জিলা পৰিষদত  বিজেপিৰ জিতেন গৌড় বিনাপ্ৰতিদ্বন্তিতাৰে নিৰ্বাচিত হৈছে। ইপিনে আজি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়াই কলিয়াবৰত সংবাদ মেল আয়োজন কৰি কয় যে বিজেপি আৰু অগপৰ নেতা,কৰ্মী আদিয়ে দিয়া ভয় ভাবুকিৰ বাবেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হল। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক বিজেপি অগপই ভয় খাইছে। যাৰবাবে কংগ্ৰেছ প্ৰাৰ্থীসকলক বিজেপি মিত্ৰযোটে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰদান কৰি আহিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like