নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিবাদক লৈ এতিয়া ধুবুৰীত গৰাখহনীয়া আৰম্ভ হৈছে নেকি কংগ্ৰেছ দলৰ ? কালি সদ্য ভংগ হোৱা ধুবুৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ দুগৰাকীকৈ জিলা পৰিষদ সদস্যই আনুষ্ঠানিকভাৱে এআইইউডিএফ দলত যোগ দিয়া ঘটনাই এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে । উল্লেখ্য যে কালি এআইইউডিএফ দলৰ বিধায়ক নজৰুল হক, আমিনুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, নিজানুৰ ৰহমানকে ধৰি দলটোৰ কেন্দ্ৰীয় আৰু ধুবুৰী জিলা কমিটীৰ বিষয়ববীয়াৰ উপস্থিতিত ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত মধুশৌলমাৰী-টিয়ামাৰী আৰু কুমাৰগঞ্জ জিলা পৰিষদৰ সদ্য প্ৰাক্তন জিলা পৰিষদ সদস্য ৰেজাউল ইছলাম ৰিংকু আৰু আনোৱাৰ হুছেইনে কংগ্ৰেছ দল এৰি আনুষ্ঠানিকভাৱে এআইইউডিএফ দলত যোগ দিয়ে। বিগত পঞ্চায়ত নিৰ্বাচনত এআইইউডিএফ দলৰ সৈতে হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত বিজয় লাভ কৰা দুগৰাকীকৈ সদ্য প্ৰাক্তন জিলা পৰিষদ সদস্য তথা সাংগঠনিক দিশত অভিজ্ঞ কংগ্ৰেছীয়ে এইদৰে দল ত্যাগ কৰি এআইইউডিএফলৈ গমন কৰা ঘটনাক লৈ এতিয়া ধুবুৰীৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ধুমুহা। অনুমান কৰা হৈছে, লোকসভা নিৰ্বাচনৰ পিছত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত দুয়োগৰাকীয়ে যোগদান কৰিছে এআইইউডিএফত। ইয়াতে উল্লেখনীয় যে ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদৰ অন্যতম মধুশৌলমাৰী-টিয়ামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰেজাউলে এআইইউডিএফ দললৈ গমন কৰাৰ পিছত বিধানসভা সমষ্টিটোত কংগ্ৰেছৰ সাংগঠনিক শক্তি পূৰ্বৰ তুলনাত হ্ৰাস পোৱাটো খাটাং। অনুৰূপেভাৱে পূৰ্বে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টি তথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানে গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৌগোলিকভাৱে জটিল জিলা পৰিষদ কুমাৰগঞ্জৰ সদ্য প্ৰাক্তন জিলা পৰিষদ সদস্য আনোৱাৰ হুছেইনে এআইইইডিএফ দলত যোগদান কৰা ঘটনা সাংগঠনিক দিশত কংগ্ৰেছৰ বাবে এক আঘাত বুলিয়েই পৰিগণিত হৈছে। ইয়াতে উল্লেখনীয় যে বিগত বিধানসভা নিৰ্বাচনত গোলকগঞ্জৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাৰ ক্ষেত্ৰতো হুছেইনৰ যথেষ্ট অৰিহণা থকা বুলি দলটোৰ তৃণমূল পৰ্য্যায়ৰ একাংশৰ মাজত চৰ্চাও আছে। ইপিনে, এআইইউডিএফ দলৰ সৈতে ধুবুৰীৰ জিলা কংগ্ৰেছৰ একাংশৰ গোপন যোগাযোগ চলি থকাৰ সমান্তৰালকৈ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দীৰ্ঘদিনৰ পৰাই ধুবুৰী জিলা কংগ্ৰেছৰ ভিতৰচ’ৰাত থকা লবী পলিটিক্স বৰ্তমানে তুংগত উঠা বুলিও চৰ্চিত হ’বলৈ লোৱা দেখা গৈছে। ফলত স্বাভাৱিকভাৱেই লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুবুৰীত কংগ্ৰেছ দলৰ একাংশৰ মাজত আৰম্ভ হোৱা অৰিয়াঅৰি প্ৰশমিত কৰিবলৈ কংগ্ৰেছ দলৰ ৰাজ্যিক নেতৃত্বই কি পদক্ষেপ লয়, সেয়া লক্ষণীয় হ’ব বুলিয়েই মত প্ৰকাশ কৰা দেখা গৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষকসকলে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী