নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত পুনৰ ভূপেন বৰাবিৰোধী অভিযান, দিল্লীত দুই বিধায়িকাৰ বাহৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ কংগ্রেছত পুনৰ আৰম্ভ হৈছে ভূপেন বৰাবিৰোধী অভিযান৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ কর্মকাণ্ডত অসন্তুষ্ট হৈ এইবাৰ শীর্ষ নেতৃত্বক অভিযোগ দাখিল কৰিবলৈ নতুন দিল্লীত অৱস্থান কৰিছে দলটোৰ দুই মহিলা বিধায়ক নন্দিতা দাস আৰু শিৱামণি বৰাই৷ উল্লেখ্য যে কংগ্রেছ দলত বিভিন্ন সময়ত বিষয়বাব প্রদানক কেন্দ্র কৰি দলৰ আভ্যন্তৰত ক্ষোভ–সন্তুষ্টি অব্যাহত আছে৷ স্থানীয় বিধায়ক তথা নেতৃত্বক আস্থাত নোলোৱাকৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই তেওঁৰ একাংশ ঘনিষ্ঠ সহযোগীৰ সৈতে মিলি খেয়াল–খুচি মতে ব্লক কংগ্রেছৰ সভাপতি, জিলা কংগ্রেছৰ বিষয়ববীয়া আদি নিযুক্তি দি আহিছে৷ শেহতীয়াকৈ বিধায়ক নন্দিতা দাসে প্রতিনিধিত্ব কৰি থকা বকো সমষ্টি আৰু শিৱামণি বৰাই প্রতিনিধিত্ব কৰি থকা বটদ্রৱা সমষ্টিত তেওঁলোকক সম্পূর্ণৰূপে উপেক্ষা কৰি ব্লক কংগ্রেছৰ সভাপতি নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে৷ দলৰ এনে কর্মকাণ্ডত অসন্তুষ্ট হৈ দুই বিধায়িকাই যোৱা ২১ মার্চৰ পৰা নতুন দিল্লীত বাহৰ পাতি আছে৷ অভিযোগ অনুসৰি তেওঁলোকে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙকে ধৰি দলৰ শীর্ষ নেতৃত্বক সাক্ষাৎ কৰি এই সম্পর্কীয় অভিযোগ দাখিল কৰিব৷ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নির্বাচন আৰু পঞ্চায়ত নির্বাচনৰ প্রাক্ক্ষণত কংগ্রেছ দলত উদ্ভৱ হোৱা এনে ক্ষোভ–সন্তুষ্টিয়ে যে দলটোক শ’লঠেকত পেলাব সেয়া উলাই কৰিব নোৱাৰি৷

You might also like