নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অৰ্ধৰ্নিমিত ফৰলেনে প্ৰাণ ল’লে দুজনৰ, আহত দুই

🔹 মৰণফান্দত পৰিণত দৰিকাপাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ

নিয়মীয়া বাৰ্তা, ২০ জুন : শিৱসাগৰত অৰ্ধৰ্নিমিত চাৰিলেনযুক্ত পথত যোৱানিশা পুনৰ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মৰণফান্দত পৰিণত হোৱা শিৱসাগৰৰৰ দৰিকাপাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ছুইফট ডিজায়াৰে ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰাৰ ফলত দুজন যুৱক নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। অৰ্ধৰ্নিমিত হৈ থকা পথটোত পানী জমা হৈ থকা বাবেই ভুল দিশেৰে লৈ গৈছিল AS-23 N-2254 নম্বৰৰ গাড়ীখন।‌ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত ছুইফট ডিজায়াৰখন বিধ্বস্ত হোৱাৰ লগতে বাহনখনত উঠি যোৱা ৰাহুল চাংমাই (২৫) আৰু পৰশমণি মেছ (২০) নামৰ যুৱক দুজন নিহত হয়। ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে দৰ্পণ বৰগোহাঁই আৰু বিশ্বজিৎ নাথ নামৰ দুজন যুৱক। নিহত ৰাহুল চাংমাই শিৱসাগৰ চাংমাই গাঁও নিৱাসী যোগেন চাংমাইৰ পুত্ৰ আৰু আনজন পৰশমণি মেছ মেছ গাঁৱৰ নিৱাসী অতুল মেচৰ সন্তান। ইপিনে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like