নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা–চৰকাৰৰ শান্তি চুক্তিক লৈ ভিন্নজনৰ প্রতিক্রিয়া অব্যাহত

🔹জাতীয় জীৱনৰ মৌলিক বিষয়সমূহে স্থান নাপালে চুক্তিত : লুৰিণজ্যোতি

🔹 অসমত হিংসাবর্জিত পৰিৱেশৰ পোষকতা কৰোঁ, আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পোষকতা কৰোঁ : সমুজ্জ্বল ভট্টাচার্য

🔹 শান্তি চুক্তিয়ে আশাৰ বতৰা কঢ়িয়াই অনাত চৰমভাৱে ব্যর্থ হৈছে : কোচ ৰাজবংশী জাতীয় পৰিষদ

🔹আলফা–চৰকাৰৰ শান্তি চুক্তিক আদৰণি জনাইছোঁ : নগেন শইকীয়া

🔹 শান্তি চুক্তিক আদৰণি জনাইছোঁ, কিন্তু চুক্তিত বহু গুৰুত্বপূর্ণ বিষয়ে স্থান নাপালে : পলাশ চাংমাই

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ডিচেম্বৰ : আলফা–চৰকাৰৰ শান্তি চুক্তিয়ে অসমৰ অস্তিত্ব সুৰক্ষিত কৰিব বুলি আলফা নেতৃত্বই দাবী কৰাৰ বিপৰীতে এই শান্তি চুক্তিক লৈ সৰৱ হৈ পৰিছে একাংশ সংগঠন৷ শান্তি চুক্তিত জাতীয় জীৱনৰ মৌলিক বিষয়সমূহে স্থান নাপালে বুলি আজি সৰৱ হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ শান্তি চুক্তি সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে আমি সকলোৱে হিংসাবর্জিত এক পৰিৱেশ বিচাৰোঁ ৷ কিন্তু তাৰ লগে লগে জাতীয় যিবোৰ সমস্যা, যিবোৰ জাতীয় স্বাভিমান, সেই বিষয়সমূহৰ ওপৰত আমি ন্যায্যতা পাব লাগে, আমাৰ অধিকাৰ সুনিশ্চিত হ’ব লাগে৷ কিন্তু স্বাক্ষৰিত হোৱা চুক্তিত এই মৌলিক বিষয়সমূহে স্থান নাপালে৷ সমান্তৰালভাৱে ইতিমধ্যে বহু চুক্তি সম্পাদিত হ’ল৷ কিন্তু এই চুক্তিবোৰ কার্যকৰী নহয়৷ শান্তি চুক্তি যাতে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহৃত নহয়, সেই দিশটোৰ প্রতি আলফা নেতাসকলে নজৰ দিব লাগিব৷ এই কথাও স্পষ্ট যে পৰেশ বৰুৱা আলোচনালৈ নহালৈকে প্রকৃত শান্তি চুক্তি সম্ভৱ নহ’ব৷ কিয়নো পৰেশ বৰুৱাই এই চুক্তিক সমর্থন জনোৱা নাই৷ পৰেশ বৰুৱাই এই চুক্তিত চামিল হ’লেহে প্রকৃততে ই শান্তি চুক্তি হ’ব৷ অসম জাতীয় পৰিষদৰ এনে প্রতিক্রিয়াৰ বিপৰীতে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই চুক্তি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমত আমি হিংসাবর্জিত এক পৰিৱেশৰ পোষকতা কৰোঁ৷ ৰাজ্যখনত হিংসাবর্জিত পৰিৱেশ সৃষ্টি হ’ব লাগে আৰু ইয়াৰ বাবে সদৌ অসম ছাত্র সন্থাই মাত মাতি আহিছে৷ অসম চুক্তিখন আমি সম্পূর্ণৰূপে দেখা নাই৷ কিন্তু শুনিবলৈ পাইছোঁ যে চুক্তিত অসম চুক্তিৰ ৬নং দফা, ৭নং দফাত থকা দাবীসমূহ উল্লেখ আছে৷ যদি এই চুক্তিখন কার্যকৰী হয়, তেন্তে অসম উপকৃত হ’ব৷ কালি সম্পাদিত শান্তি চুক্তিক লৈ কোচ ৰাজবংশী জাতীয় পৰিষদেও প্রতিক্রিয়া প্রকাশ কৰিছে৷ এক বিবৃতিযোগে পৰিষদে উল্লেখ কৰে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্র, জাতি–জনগোষ্ঠীৰ কাৰণে সাংবিধানিক ৰক্ষাকৱচ সন্দর্ভত আশাৰ বতৰা কঢ়িয়াই অনাৰ ক্ষেত্রত এই চুক্তিখনে চৰমভাৱে ব্যর্থ হৈছে৷ পৰিষদৰ সভাপতি বিমল কুমাৰ বর্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আলোচনাপন্থী আলফাৰ শান্তি চুক্তিক তথাকথিত চুক্তি আখ্যা দিয়াৰ লগতে এই তথাকথিত ঐতিহাসিক চুক্তিখন অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ দ্বাৰা ইতিমধ্যে প্রক্ষেপিত বিভিন্ন পদক্ষেপৰ ব্লুপ্রিণ্ট বুলি অভিহিত কৰে৷ অসম চৰকাৰে সুপৰিকল্পিত পদক্ষেপেৰে পৰিপুষ্ট পুৰণি বটলত নতুন লেবেল লগোৱা বুলিও অভিহিত কৰি শান্তি চুক্তিক সমালোচনা কৰে কোচ ৰাজবংশী জাতীয় পৰিষদে৷ ইফালে, আলফা–চৰকাৰৰ শান্তি চুক্তিক আদৰণি জনালে সাহিত্যিক তথা বুদ্ধিজীৱী নগেন শইকীয়াই৷ সংবাদ মাধ্যমৰ আগত চিন্তাবিদগৰাকীয়ে কয় যে আলফা–চৰকাৰৰ শান্তি চুক্তিক আদৰণি জনাইছোঁ৷ কিন্তু ইয়াৰ লগে লগে পৰেশ বৰুৱাৰ নেতৃত্বত আন এটা গোট এতিয়াও আলোচনাৰ বাহিৰত আছে৷ এই দিশটো মন কৰিবলগীয়া ৷ এই গোটটোক আলোচনাৰ মেজলৈ আনিলেহে প্রকৃত শান্তি চুক্তি হ’ব৷ পৰেশ বৰুৱাৰ গোটটোক কেনেকৈ আলোচনাৰ মেজলৈ আনিব পাৰি, সেই দিশটোৰ ওপৰত সকলোৱে চকু দিব লাগে৷ কিয়নো পৰেশ বৰুৱাৰো এইক্ষেত্রত নিশ্চিতভাৱে ক’ব লগা আছে আৰু সেই ক’ব লগাখিনি কোৱাৰ তেওঁক সুযোগ দিব লাগে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদেও শান্তি চুক্তিক আদৰণি জনাইছে৷ কিন্তু এই চুক্তিত বহু গুৰুত্বপূর্ণ বিষয়ে স্থান নাপালে বুলি অভিযোগ কৰিছে সংগঠনটোৱে৷ এক বিবৃতিত জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সভাপতি পলাশ চাংমায়ে কয় যে চাৰি দশকজোৰা আলফাৰ ৰক্তাক্ত সশস্ত্র সংগ্রামৰ অন্তত হোৱা শান্তি চুক্তিখনক লৈ অসমৰ মানুহৰ যি প্রত্যাশা আছিল, কার্যতঃ সেয়া বুমেৰাং হ’ল৷ শান্তি চুক্তিয়ে খিলঞ্জীয়া অসমীয়াক চূড়ান্তভাৱে নিৰাশ কৰিলে৷ শান্তি চুক্তিত ঘোষণা কৰা আর্থিক পেকেজ, উন্নয়নমূলক আঁচনি বা ক্রীড়া প্রকল্পই অস্তিত্বৰ সংকটৰ দুৱাৰডলিত থকা এটা জাতিক ৰাজনৈতিকভাৱে বা সাংবিধানিকভাৱে সুৰক্ষা দিব নোৱাৰে৷ উন্নয়নমূলক আঁচনিৰ বিনিময়ত সুদীর্ঘ চাৰি দশকজোৰা ৰক্তাক্ত সশস্ত্র সংগ্রামৰ প্রয়োজনীয়তা কিমান, সেয়া এক ডাঙৰ প্রশ্ণ৷ শান্তি চুক্তি সন্দর্ভত সৃষ্টি হোৱা এনে প্রতিক্রিয়াৰ মাজতে আলফাৰ আন এটা গোটে এই চুক্তিক নস্যাৎ কৰি এয়া এক বুজাবুজিৰ সন্ধিপত্র বুলিহে উল্লেখ কৰিছে৷ এক বিবৃতিত আলফাৰ একাংশ নেতৃত্বই উল্লেখ কৰে যে আলফা–চৰকাৰৰ চুক্তি বুলি বিবেচনা কৰাৰ বিপৰীতে এয়া কেৱল চেতিয়া–ৰাজখোৱা–চৌধুৰী-হাজৰিকা আৰু ভাৰত ৰাষ্ট্রৰ মাজত হোৱা অর্থনৈতিক বুজাবুজিৰ সন্ধিপত্রহে৷ এই সন্ধিপত্রক কোনো কাৰণতে মান্যতা প্রদান কৰিব পৰা নাযাব৷ বিবৃতিটোত ইয়াকো উল্লেখ কৰে যে চেতিয়া–ৰাজখোৱা মানেই সংযুক্ত মুক্তি বাহিনী, অসম নহয়৷ তেওঁলোকে কৰা সন্ধিপত্রৰ বিষয়সমূহত আমি কোনো কাৰণতে সুখানুভৱ কৰিব নোৱাৰোঁ৷ সেয়েহে গৰিষ্ঠসংখ্যক সেনানীয়ে তেওঁলোকক বাদ দি সংযুক্ত মুক্তি বাহিনী, অসম সংগঠনক জীয়াই ৰাখিবলৈ সংকল্প লৈছে৷

আলফা–চৰকাৰৰ চুক্তি সন্দর্ভত কল্পজ্যোতি নেওগৰ প্রতিক্রিয়া

বিশেষ বার্তা, নগাঁও : আলফা–চৰকাৰৰ মাজৰ চুক্তি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে আলফাৰ প্রাক্তন মুখ্য সেনাধ্যক্ষ কল্পজ্যোতি নেওগে৷ আজি নগাঁৱত কল্পজ্যোতি নেওগে সাংবাদিকৰ আগত কয় যে এই চুক্তিৰ লগত আমি একেবাৰে জড়িত নহয়৷ আমাৰ বহুতেই ইয়াৰ লগত জড়িত নহয়৷ এইখনক শান্তি চুক্তি বুলি কোৱা হৈছে যদিও এইখন শান্তি চুক্তি নহয়৷ শান্তি চুক্তি হ’বলৈ হ’লে আলফা (স্বাধীন)ৰ পৰেশ বৰুৱাৰ নেতৃত্বত যিটো সংগঠন চলি আছে, সেই সংগঠনক যেতিয়ালৈকে আলোচনাৰ মেজলৈ আনি মীমাংসা কৰিব নোৱাৰে, তেতিয়ালৈকে অসমত স্থায়ী শান্তি প্রতিষ্ঠা হ’ব বুলি ধাৰণা কৰাটোৱেই ভুল৷ সেইখন চুক্তিৰে সাময়িকভাৱেহে শান্তি আহিব৷ কিন্তু স্থায়ী শান্তিৰ কাৰণে পৰেশ বৰুৱা নেতৃত্বাধীন গোটটোৰে আলাপ–আলোচনাৰ মাজেৰেহে মীমাংসালৈ আহিব পৰা যাব৷ আলফাই সার্বভৌমত্বক বাদ দিয়াৰ পিছত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্রত গুৰুত্ব দিব লাগিছিল৷ কিন্তু এই চুক্তিখনত অসমীয়া জাতিৰ থলগিৰিৰ কোনোধৰণৰ সুৰক্ষা, সাংবিধানিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ আদি নাই৷ ৰাজনৈতিক আলোচনাত যদি ৰাজনৈতিক দফাটোৱেই নাই, সেইখন চুক্তি কেনেকৈ মানিব পৰা যাব৷

You might also like