নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : বিশ্বনাথ জিলাৰ দিকৰাই চাহ বাগিচাত অলপতে অনুষ্ঠিত হৈ যায় কৰম পৰৱ। কিন্তু কৰম পৰৱৰ নামত পাতিলে আধুনিক গীত-নৃত্যৰ অনুষ্ঠান । ঐতিহ্যমণ্ডিত দিকৰাই চাহ বাগিচাত কৰম উদযাপন সমিতিয়ে এইবাৰ কৰম পূজাক উপেক্ষিত কৰি বিকৃত ৰূপত উপস্থাপন কৰিলে। চাহ জনগোষ্ঠী আদিবাসীসকলৰ জাতীয় উৎসৱ কৰম পূজাৰ নামত পাতিলে সাংস্কৃতিক সন্ধিয়া । চাহ জনগোষ্ঠী আদিবাসীৰ লোকসংস্কৃতি তথা জাতীয় উৎসৱ কৰম পৰৱৰ নামত চাহ শ্ৰমিকসকলৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰি নামী-দামী আৰ্টিষ্ট আনি আধুনিক গীতৰ শৰাইৰে পাতিলে কৰম। জনগোষ্ঠীটোৰ অতিকৈ আপোন তথা লোকসংস্কৃতি কৰম পৰৱৰ জৰিয়তে এক সুকীয়া পৰিচয় বহন কৰা কৰম পৰৱটিৰ নামত কৰমক লৈ কৰা চৰম উপলুঙাৰ বাবে অঞ্চলটোৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি দিকৰাই চাহ বাগিচাৰ শ্ৰমিক বিনোদন ভৱন প্ৰাংগণত অনুষ্ঠিত এইবেলি কৰম পূজা উদযাপন সমিতিয়ে উক্ত দিনা কৰম ডাল স্থাপন আৰু জাৱা জগোৱা পৰ্ব্বৰ অন্তত কৰম পূজাৰ বিধি অনুসৰি কাহিনীকাৰে কৰমা আৰু ধৰমাৰ কাহিনী শুনোৱা পৰ্ব অনুষ্ঠিত কৰিব লাগিছিল।ইয়াৰ উপৰি কাহিনী পৰ্ব্ব শেষ হোৱাৰ পিছত কৰম ডাল আৰু জাৱা স্থাপন কৰা স্থানৰ চৌপাশে কৰম গীত তথা কৰমৰ ওপৰত আধাৰিত পৌৰাণিক লোক গীত-মাতে ওৰে নিশা জাগৰণ তথা জাৱা জগোৱা পৰ্ব্ব সম্পন্ন কৰাৰ পৰিৱৰ্তে বৈদুতিক বাদ্যযন্ত্ৰৰে আমন্ত্ৰিত সংগীত শিল্পীৰ গীতৰ শৰাইৰ অনুষ্ঠান অনুষ্ঠিত কৰি এক উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰে। চাহ জনগোষ্ঠী আদিবাসীসকলৰ সমাজত প্ৰচলিত লোকসংস্কৃতি তথা জাতীয় উৎসৱ কৰম পূজাক সম্পূৰ্ণ উপেক্ষিত কৰি কৰম পূজাক অপসংস্কৃতিলৈ পৰ্যবসিত কৰা কাৰ্যক গভীৰ নিন্দা কৰাৰ লগতে ধিক্কাৰ দিছে নদুৱাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনগোষ্ঠী সাহিত্য সভা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতীয় দল-সংগঠনে । লগতে নদুৱাৰ অঞ্চলত কৰম পূজাৰ নামত এনে অপসংস্কৃতি প্ৰসাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নদুৱাৰ শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতী, নদুৱাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক অবিনাশ ৰাজোৱাৰ আৰু চাহ জনগোষ্ঠী সাহিত্য সভা চতিয়া শাখাৰ সম্পাদক বিজেন তাঁতীয়ে।
প্ৰেৰক শিবু মজুমদাৰ