নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

🔹 পহিলা এপ্ৰিলৰ পৰা ১৪৪ ধাৰা

নিয়মীয়া বাৰ্তা,  ৩০ মাৰ্চ : ঢকুৱাখনা উপ-জিলাত মাছৰ প্ৰজনন ঋতুৰ সময়ত জলাশয়, বিল আৰু নদীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ধৰা আৰু বিক্ৰী কৰাত চৰকাৰীভাৱে নিষেধাজ্ঞা জাৰি কৰিছে ঢকুৱাখনা উপ-জিলা প্ৰশাসনে। ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ কাৰ্তিক কলিতাই আজি ডি এম-১/২০১৯/পি টি/৫৪৪ নম্বৰ এক নিৰ্দেশনাযোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ আৰু অসম মীন (সংশোধিত) নীতি ২০০৫ অনুসৰি সমগ্র ঢকুৱাখনা উপ-জিলাতে বলবৎ হোৱাকৈ পহিলা এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে বৰজাল ,ফাঁচী জাল, মহাজাল আদিৰ লগতে বিভিন্ন থলুৱা পদ্ধতিৰে মৎস্য চিকাৰ কৰাটো নিষিদ্ধ ঘোষণা কৰিছে । এই নিষেধাজ্ঞা সমগ্ৰ উপ-জিলাখনতে তৎকালে বলৱৎ হোৱাৰ লগতে পৰৱৰ্তী ১০৫ দিনৰ বাবে বাহাল থাকিব। এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰিছে ৷ উপ-জিলা প্ৰশাসনে জাৰি কৰা এই নিষেধাজ্ঞা তথা আইন ভংগ কৰাসকলক অসম মীন আইনৰ ২২নং আৰু ৪১নং ধাৰা অনুসৰি জৰিমনা বিহাৰ লগতে মৎস্য চিকাৰত ব্যৱহাৰ হোৱা জাল, অন্যান্য মাছ ধৰা সঁজুলি আদি বাজেয়াপ্ত কৰা হ’ব ৷ ইয়াৰ উপৰি ভাৰতীয় মীন আইন ১৮৯৭ ধাৰা ৭(১), মীন আইন ১৯৫৩ চনৰ ২৭নং ধাৰা অনুসৰি উক্ত আইন ভংগকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে আইন অনুসৰি শাস্তি প্রদান কৰা হ’ব বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে এপ্ৰিল মাহৰ প্ৰথম ভাগৰ পৰা জুলাই মাহৰ মধ্যলৈকে মাছৰ কণীৰ পৰা পোৱালি জগোৱাৰ সময় হোৱা বাবে এই সময়খিনিত কঠোৰ নীতি প্ৰদৰ্শন কৰা ঢকুৱাখনা উপ-জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা l

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like