নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ কেইদিন মণ্ডপত ভক্তিমূলক গীত বজাবলৈ আহ্বান

🔹 সদৌ ধুবুৰী পূজা সমন্বয় সমিতিৰ সংবাদ মেল 

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : আজি সদৌ ধুবুৰী পূজা সমন্বয় সমিতিয়ে এখন সংবাদ মেলযোগে দুৰ্গাপূজাৰ কেইদিন সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ পূজা মণ্ডপসমূহত ভক্তিমূলক গীত বজাবলৈ স্থানীয় পূজা কমিটীসমূহলৈ আহ্বান জনায়। সমান্তৰালকৈ প্ৰতিটো পূজা মন্ডপত এগৰাকীকৈ আৰক্ষীৰ লোক থাকিব বুলি সদৰী কৰাৰ লগতে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ পূজা কমিটীসমূহক স্বেচ্ছাসেৱক নিয়োগ কৰিবলৈও আহ্বান জনায় সমন্বয় সমিতিয়ে। তদুপৰি সমিতিয়ে পূজা মণ্ডপত স্বচ্ছতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ উপৰি জুই আৰু বিদ্যুতৰ পৰা কোনোধৰণৰ যাতে দুৰ্ঘটনা নঘটে, তাৰ প্ৰতি সতৰ্ক থাকিবলৈ পূজা কমিটীবোৰক আহ্বান জনায়। সংবাদ মেলখনত চৰকাৰৰ তৰফৰ পৰা প্ৰতিখন পূজালৈ ১০ হাজাৰ টকা অনুদান প্ৰদান কৰা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় সদৌ ধুবুৰী পূজা সমন্বয় কমিটীয়ে। আজিৰ এই সংবাদ মেলখনত সমন্বয় সমিতিৰ সভাপতি প্ৰসেনজিৎ দত্ত, সাধাৰণ সম্পাদক উত্তম কুমাৰ প্ৰসাদ, উপ-সভাপতি তপন কুমাৰ দে’ আৰু সম্পাদক বিশ্বজিৎ দাস উপস্থিত আছিল। উল্লেখ্য যে এইবেলি বৃহত্তৰ ধুবুৰীত ১১০খন দুৰ্গাপূজাৰ আয়োজন কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like