নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি-বাক্সাত বাজিছে বিপদঘন্টা 

🔹 বনাঞ্চল ধ্বংসৰ ফলত বৃদ্ধি পাইছে ভূমিস্খলন-উষ্ণতা 
নিয়মীয়া বাৰ্তা,  ২৮ জুলাই : বড়োভূমিৰ ওদালগুৰি-বাক্সা দুই জিলাৰ ভেৰগাঁও আৰু তামুলপুৰ মহকুমাৰ অন্তৰ্গত নৈসমূহৰ খহনীয়া বৃদ্ধি পাবলৈ ধৰিছে ৷ ইয়াৰ মূল কাৰণ হ’ল বনধ্বংস। জিলা দুখনৰ ভূটান পাহাৰৰ পৰা বৈ অহা দেওচুঙা, পুঠিমাৰী, লখাইতৰা, শুক্লাই, বৰনদী, কালানদী, কুলশী, ভোলানদী, নোনাই নদী, নালানদী আৰু পাথৰ  নৈয়ে যোৱা তিনি-চাৰি বছৰৰ পৰা ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বৰনদীয়ে বৰ্তমানৰ ওদালগুৰি আৰু বাক্সা জিলাক বিভক্ত কৰিছে ৷ (পূৰ্বৰ দৰং-কামৰূপ) এই নৈসমূহৰ গৰাখহনীয়াৰ ফলত হেজাৰ হেজাৰ বিঘা কৃষিভূমি, ক্ষুদ্ৰ চাহ খেতি নষ্ট কৰাৰ উপৰি গছ-গছনি নোহোৱাৰ বাবে নৈসমূহ যেনি-তেনি প্ৰৱাহিত হোৱাৰ বাবে মানুহৰ ঘৰ-দুৱাৰ আৰু খেতিপথাৰ আদি নৈৰ গৰাহত পৰিছে ৷ শুক্লাই নদীৰ দুইপাৰ ভূটানৰ নামনিৰ পৰাই মূল্যৱান গছ-গছনিৰে ভৰি আছিল ৷ তদুপৰি ভূটানৰ পৰা বৈ অহা কালানদীৰ দুয়োকাষে প্ৰকাণ্ড প্ৰকাণ্ড গছ আছিল ৷ ভূটানত অৱস্থিত কয়লাখনিৰ মাজেৰে বৈ অহা বাবে উক্ত নদীৰ পানী ক’লা আৰু সেয়েহে নৈখনৰ নামো কালানদী হৈছে ৷ ভূটানত কুলশী আৰু নোমাই নদী সোণাই নামেৰে জনাজাত ৷ এই সোণাই নদীয়ে খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ জালিমুখত দ্বি-বিভক্ত হৈ এটা নোনাই, আনটো কুলশী নামেৰে চিনাক্ত হৈছে ৷ ১৯৯২ চনত তদানীন্তন হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে আত্মসমৰ্পণকাৰী আলফা সদস্যক চাকৰিত মকৰল কৰিব নোৱাৰি বনাঞ্চলৰ বিশেষকৈ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ ধুমুহাত বাগৰি পৰা বা মৃত গছ-গছনিকসমূহ কাটি খৰি হিচাপে বিক্ৰী কৰিবলৈ অনুমতি দিছিল ৷ সেই অনুসৰি প্ৰথমতে মৃত গছ-গছনি কাটি আনিছিল যদিও পাছত ক্ৰমে জীয়াই থকা চেগুন, তিতাচঁপা আদিকে ধৰি মূল্যৱান গছ-গছনি কাটিবলৈ আৰম্ভ কৰে ৷ আত্মসমৰ্পণকাৰী আলফা সদস্যৰ এই কাৰ্য দেখাৰ পাছত তেতিয়াৰ অবিভক্ত দৰং জিলাৰ প্ৰায় প্ৰতিটো অঞ্চলৰ একাংশ নিবনুৱা যুৱক বনাঞ্চল ধ্বংসত নামি পৰিল। সেয়াই আৰম্ভণি ৷ বৰ্তমানলৈ ধ্বংসযজ্ঞৰ পৰিসমাপ্তি ঘটা নাই । ভাৰত-ভূটান সীমান্তৰ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য আৰু খালিংদুৱাৰ (নোনাই) সংৰক্ষিত বনাঞ্চল বিভিন্ন গছ-গছনি তথা জীৱ-জন্তুৰে ভৰি আছিল ৷ সেয়েহে ভূটানৰ পৰা জিলাখনেৰে অসমলৈ বৈ অহা নৈসমূহে গছ-গছনিৰে পৰিৱেষ্টিত ঠাইৰে বৈ আহিছিল বাবে তেতিয়া গৰাখহনীয়া বা ভূমিস্খলনৰ সমস্যা নাছিল ৷ ১৯৯২ চনৰ পৰা প্ৰায় তিনি বছৰ ব্যাপক হাৰত বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰা বাবে ১৯৯৫ চনৰ পৰা প্ৰথমে কুলশী নদী আৰু পাছত ক্ৰমে শুক্লাই, কালা, নোৱা নৈ, ভোলা নৈ, পুঠিমাৰী, দেওচুঙা, লখাইতৰা,বৰলীয়া বেঁকী, নালা নৈয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে ৷ প্ৰতিবছৰে বাৰিষা কালতে এই নৈকেইখনে জিলাখনৰ হেজাৰ হেজাৰ বিঘা খেতি-মাটিৰ ব্যাপক ক্ষতিসাধন কৰি আহিছে ৷ বৰ্তমানেও বনাঞ্চল দুখনৰ পৰা দুষ্কৃতিকাৰীয়ে চৰকাৰী উচ্চপদস্থ বিষয়া -কৰ্মচাৰীৰ সন্মুখতে গছ-গছনি কাটি চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে ৷ দুষ্কৃতিকাৰীয়ে গাঁও অঞ্চলত গছ ফালি ট্ৰাক, ঠেলা, চাইকেল, ট্ৰেক্টৰ আদিৰে দৈনিক সৰবৰাহ কৰি আছে ৷ শেহতীয়াভাৱে দুয়োখন বনাঞ্চলৰ কাৰ্যালয়ৰ নিচেই ওচৰৰ গছ-গছনি ধ্বংস হোৱাৰ লগতে বহু মাটি বেদখলকাৰীৰ কবলত পৰিছে ৷ বৰনদী অভয়াৰণ্যৰ মুঠ মাটিকালি ২৬.২১ বৰ্গ কিলোমিটাৰৰ ভিতৰত চৰকাৰী জৰীপ মতে ৮ বৰ্গ কিলোমিটাৰত অবৈধ দখল হোৱা বুলি জানিব পৰা গৈছে ৷ বৰ্তমান বেদখলৰ কবলত পৰা মাটিৰ পৰিমাণ আৰু অধিক হ’ব ৷ তেনেদৰে খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মুঠ মাটিকালি থাকিব লাগিছিল ৬,৩৪০ হেক্টৰ ৷ কিন্তু বৰ্তমান ইয়াৰে প্ৰায় এক-তৃতীয়াংশ মাটিত বেদখলকাৰীয়ে ঘৰ-দুৱাৰ সজাই বাসভূমি আৰু কৃষিভূমিলৈ ৰূপান্তৰিত কৰিছে। এনেদৰে বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰি অহাৰ ফলত ওদালগুৰি আৰু বাক্সা জিলাত প্ৰতিবছৰে বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি পাবলৈ ধৰিছে ৷
প্ৰেৰক পৱন নাথ
You might also like