নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ : নগৰবেৰাৰ কল্যাণপুৰত যেন ভেঁকোভাওনাত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ সাত মাহ পাছতেই বিকল পানী যোগান আঁচনি। খোৱাপানী বিচাৰি সম্প্ৰতি অব্যাহত আছে ৰাইজৰ হাহকাৰ। চৰকাৰে কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা আঁচনিৰ পৰা ৰাইজে পাবলৈ সক্ষম নহ’ল খোৱাপানীটুপিৰ। বিগত সাত মাহে পানী যোগান আঁচনিৰ পাইপ ফুটি আত্মাহীন জঁকাৰ দৰে পৰি ৰৈছে পানী যোগান কেন্দ্ৰ। বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত বিভাগীয় একাংশ বিষয়া তথা বিভাগীয় ঠিকাদাৰৰ পালমৰা কামৰ যেন নমুনা প্ৰকট হৈ উঠা বুলিও ৰাইজৰ ভাষ্য। কামৰূপ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল ১ৰ অধীনস্থ বকো উপ সংমণ্ডলৰ অন্তৰ্গত নগৰবেৰাৰ কল্যাণপুৰ গাঁৱৰ বিকল পানী যোগান আঁচনিৰ পয়ালগা অৱস্থাৰ বাবে খৰাং পৰিস্থিতিৰ এই সময়ত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে গাঁওবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। আঁচনিৰ পৰা পানী নাপাই এতিয়া খাল-বিল-জলাশয়-পুখুৰীৰ লেতেৰা পানী সেৱন কৰিবলগীয়া হৈছে কল্যাণপুৰ গাঁৱৰ ৰাইজে। যাৰ বাবে উপায়ন্তৰ হৈ মঙ্গলবাৰৰ পুৱাৰ ভাগত বিকল পানী যোগান আঁচনিৰ কেন্দ্ৰত শতাধিক পুৰুষ মহিলাই হাতে-হাতে কলহ বাল্টি লৈ উপস্থিত হৈ বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত সাৱস্ত কৰে। শীঘ্ৰে আঁচনি কাৰ্যক্ষম কৰি বৃহত্তৰ কল্যাণপুৰ গাঁৱত বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস