🔹 সীমা বিবাদ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
বিশেষ বাৰ্তা, ২৯ মার্চ : অসম–মেঘালয় সীমা বিবাদক লৈ চলি থকা আলোচনাৰ মাজতে সীমা নির্ধাৰণ প্রক্রিয়াই অগ্রগতি লাভ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মেঘালয়ৰ ৰিভ’ই জিলাত থকা উত্তৰ–পূব আৰক্ষী একাডেমীত দীক্ষান্ত পেৰেডত অংশগ্রহণৰ বাবে যোৱা মুখ্যমন্ত্রীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত সীমা বিবাদ প্রসংগত কয় যে অসম আৰু মেঘালয়ৰ মাজত ৬ স্থানক লৈ এতিয়াও বিবাদ অব্যাহত আছে৷ ইয়াৰে তিনিটা স্থানত বিবাদ অতি সোনকালে সমাধান কৰিব পৰা যায়৷ আনহাতে, আন তিনিটা স্থানৰ ক্ষেত্রত দুয়োখন ৰাজ্যই উমৈহতীয়া সিদ্ধান্ত গ্রহণ কৰিব লাগিব৷ যিহেতু বিষয়টোৰ লগতে দুয়োখন ৰাজ্যৰ বহু বাসিন্দা জড়িত হৈ আছে, গতিকে আলোচনাৰ জৰিয়তে ইয়াক আগুৱাই নিয়াৰ বাবেহে পোষকতা কৰোঁ৷ আনহাতে, ভাৰতৰ জৰীপ সংস্থাই দুয়োখন ৰাজ্যৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি সীমা নির্ধাৰণৰ বিষয়টোত কাম কৰি আছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত চুক্তি অনুসৰি অসম–মেঘালয়ে শীঘ্রেই সীমা বিবাদ সম্পূর্ণৰূপে সমাধান কৰিব পাৰিব৷ আনহাতে, বর্ণিহাটৰ প্রদূষণ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে যে অসম আৰু মেঘালয় দুই ৰাজ্যৰ ঔদ্যোগিক কেন্দ্র বর্ণিহাটৰ প্রদূষণ ৰোধ কৰাৰ ক্ষেত্রত ৰাজ্য দুখনে আলোচনাৰ মাজেৰে আগবাঢ়িব লাগিব৷ বিষয়টো ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্রীয়ে অৱগত কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শীঘ্রেই মেঘালয় চৰকাৰৰ সৈতে মিলি এই সন্দর্ভত ব্যৱস্থা গ্রহণ কৰা হ’ব৷