নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বকতাত প্রত্যাশাৰ উদ্যোগত চিত্রাংকন প্রতিযোগিতা

🔹 এছ হেপিনেছৰ সহযোগ : ৩৮গৰাকী শিক্ষার্থীৰ অংশগ্রহণ

গুৱাহাটী, ১৬ ফেব্রুৱাৰী : শিৱসাগৰ জিলাৰ বকতা নেমুগুৰি অঞ্চলৰ বকতা ভকতগাঁও প্রাথমিক বিদ্যালয় আৰু ৯৩৮নং ঘোঁৰাচোৱা টিং প্রাথমিক বিদ্যালয়ৰ শিক্ষার্থীৰ মাজত শুকুৰবাৰে এখন চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়৷ প্রত্যাশাৰ উদ্যোগত আৰু এছ হেপিনেছৰ সহযোগত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাত প্রায় ৩৮গৰাকী শিক্ষার্থীয়ে অংশগ্রহণ কৰে৷ প্রতিযোগিতাখনত অংশগ্রহণ কৰা ৩৮গৰাকী শিক্ষার্থীক প্রতিযোগিতাৰ বাবে আগ্রহী কৰি তুলিবলৈ ধ্রুৱজিৎ গগৈয়ে একোখনকৈ ছবিৰ বহী প্রদান কৰে৷ প্রতিযোগিতাখন সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে পার্থ গগৈ, পৰমেশ গগৈ, তুষাৰজ্যোতি ফুকন, নাজবিন চুলতানা, দেৱাহুতি গগৈ, শিখামণি বৰুৱা, জিণ্টু চেতিয়া আৰু মানস গগৈ, প্রতিমা ঘৰফলীয়াই৷ এই প্রতিযোগিতাত প্রথম পুৰস্কাৰ লাভ কৰে বকতা ভকতগাঁও প্রাথমিক বিদ্যালয়ৰ শিক্ষার্থী বৃষ্টি ঘৰফলীয়াই৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৯৩৮নং ঘোৰাচোৱা টিং প্রাথমিক বিদ্যালয়ৰ শিক্ষার্থী অংশুমান গগৈয়ে৷ তৃতীয় পুৰস্কাৰ লাভ কৰে বকতা ভকতগাঁও প্রাথমিক বিদ্যালয়ৰ শিক্ষার্থী মিণ্টু দিহিঙীয়াই৷ উক্ত বঁটাসমূহ প্ৰদান কৰাত সহায় কৰে ভকতগাঁও নিৱাসী জিতেন বৰুৱাই। প্রত্যাশা আৰু এছ হেপিনেছৰ প্রতিষ্ঠাপক প্রদীপ গগৈয়ে প্রতিযোগিতা অনুষ্ঠিত কৰাত সহায়–সহযোগিতা আগবঢ়োৱা বিদ্যালয় দুখনৰ প্রধান শিক্ষক ক্রমে অমৰজ্যোতি গগৈ আৰু ৰামকুমাৰ চাহুক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ তদুপৰি এছ হেপিনেছৰ তৰফৰ পৰা লিজা ঘৰফলীয়াক শিক্ষণ সামগ্রীৰ লগতে শুভেচ্ছা–পত্র প্রদান কৰা হয়৷

You might also like