নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ শাক-পাচলি, ফল-মূলৰ বজাৰত দামবৃদ্ধিৰ জুই

🔹 নিৰ্বিকাৰ প্ৰশাসন-যোগান বিভাগ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : পূজা-পাৰ্বণ আহিলেই নিশাটোৰ ভিতৰতে ধুবুৰীৰ বজাৰত শাক-পাচলি, ফল-মূল আদিৰ দাম বৃদ্ধি পোৱাটো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। আজিও লক্ষ্মীপূজাৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ নিউ মাকের্টৰ পাচলি বজাৰত দেখা গ’ল দামবৃদ্ধিৰ জুই। বজাৰ কৰিবলৈ আহি নিশাটোৰ ভিতৰত প্ৰতিবিধ শাক-পাচলিৰ দাম কেজিপতি ১০/২০ টকাকৈ বৃদ্ধি হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায় ৰাইজৰ মাজত। আজি নিউ মাকের্টৰ পাচলি বজাৰত মটৰৰ কেজি ৩০০ টকা হোৱাৰ বিপৰীতে জলকীয়া প্ৰতি কেজিত ১২০ টকা আৰু প্ৰতি কেজি বিলাহীৰ মূল্য হৈছেগৈ ১০০ টকা। বজাৰখনত প্ৰতি কেজি ফুলকবিৰ দাম ১৫০ টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতি কেজি বন্ধাকবিৰ দাম হৈছেগৈ ৬০ টকা। আনহাতে, প্ৰতি কেজি বেঙেনা নাম ৮০ টকা, পটল ৬০ টকা, ভেণ্ডি ৮০ টকা, মূলা ৮০ টকা, জিকা ৮০ টকা, ভাতকেৰেলাৰ প্ৰতি কেজিত দাম হৈছেগৈ ৮০টকা। ঠিক অনুৰূপে জাতিলাউৰ দাম আকাৰভেদে ৬০ৰ পৰা ৮০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে কলডিল (আকাৰভেদে)ৰ দাম হৈছে ৬০ৰ পৰা ৮০ টকা। শাক-পাচলিৰ সমান্তৰালকৈ লক্ষ্মীপূজাৰ আগে আগে ধুবুৰীৰ বজাৰত ফল-মূলৰ দামো বৃদ্ধি পাইছে। নাৰিকল এটা (আকাৰভেদে) ৫০ৰ পৰা ৭০ টকা, আপেল কেজিপতি (গুণগত মান অনুসৰি) ১২০ ৰ পৰা ১৫০ টকা, তৰমুজৰ কেজি ৪০ টকা আৰু সুমথিৰাৰ কেজি হৈছেগৈ ৮০ টকা। ইপিনে, নিউ মাৰ্কেটৰ কেইবাগৰাকী খুচুৰা শাক-পাচলিৰ ব্যৱসায়ীয়ে অকস্মাতে এইদৰে নিশাটোৰ ভিতৰত দামবৃদ্ধি হোৱাৰ কাৰণৰূপে পাইকাৰী দৰ বঢ়া বুলিয়েই কিন্তু যুক্তি প্ৰদৰ্শন কৰিছে। পূজা-পাৰ্বণত চাহিদা বঢ়াৰ সুযোগ লৈ ধুবুৰীৰ মূল পাইকাৰী ব্যৱসায়ীসকলৰ একাংশই দাম বৃদ্ধি কৰে নেকি?  আজিলৈ কিন্তু বিষয়টোক লৈ ধুবুৰী জিলা প্ৰশাসন অথবা স্থানীয় যোগান বিভাগে কোনোধৰণৰ পদক্ষেপ লোৱা নাই বুলি ৰাইজে ক্ষোভ উজাৰে। স্বাভাৱিকভাৱেই প্ৰশাসন আৰু যোগান বিভাগৰ ভূমিকাক লৈও উত্থাপিত হৈছে প্ৰশ্ন।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like