নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ বিদ্যালয়ত নিম্নমানৰ ইউনিফৰ্মক লৈ উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : বিদ্যালয়ৰ ইউনিফৰ্ম বিতৰণক লৈ উত্তপ্ত পৰিস্থিতি। পালমৰা বিধৰ চিলাই কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ পৰত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ | কামৰূপৰ ছমৰীয়া প্ৰাঃ শিক্ষাখণ্ডৰ নগৰবেৰাৰ বাঘমাৰা প্ৰাঃ বিদ্যালয়ত শুকুৰবাৰে সৃষ্টি হয় ইউনিফৰ্মকেন্দ্ৰিক উত্তেজনা | ক’ৰবাত যদি চিলাইছে, ক’ৰবাত আকৌ ব্যৱহাৰেই নহ’ল বেজী-সূতা, মুঠতে অতি নিম্নমানৰ, পালমৰা বিধৰহে হ’ল ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া ইউনিফৰ্ম | অৱশেষত বিদ্যালয়ত সমৱেত হয় একাংশ সচেতন ছাত্ৰ, অভিভাৱক। ছাত্ৰ-ছাত্ৰীয়েও চিঞৰি চিঞৰি ক’লে- “আমাক এনে কাপোৰ নালাগে”। অভিভাৱকৰো একেই ভাষ্য | অৱশেষত বিমোৰত পৰে বিদ্যালয়ৰ শিক্ষক, পৰিচালনা সমিতি। উপায়বিহীন হৈ বাতিল কৰা হয় ইউনিফৰ্ম বিতৰণ পৰ্ব |প্ৰতিযোৰ কাপোৰেই সোমবাৰে নতুনকৈ চিলাই দিবলৈ মান্তি হয় কাপোৰ চিলোৱা দৰ্জী আৰু পাছলৈ শাম কাটে উত্তেজনা | প্ৰশ্ন হয়- চৰকাৰী নিয়মেৰে ইউনিফৰ্ম যোগানৰ ঠিকা লৈ কিহৰ বাবে দৰ্জীয়ে কৰিলে এনে পালমৰা কাম। আনকি কাপোৰৰ মানো অতি নিম্নমানৰ বুলি মন্তব্য কৰে একাংশই | মুঠতে শুকুৰবাৰৰ পুৱাৰে পৰা বাঘমাৰা প্ৰাঃ বিদ্যালয়ত দেখা গ’ল ইউনিফৰ্ম বিতৰণক লৈ হোৱা বিতৰ্ক আৰু উত্তেজনা।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like