বিশেষ বাৰ্তা, ৭ অক্টোবৰ : মৰিয়নিৰ কাকজান চাহ বাগিচাত আজি দুৰ্গাপূজাৰ বোনাছক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ২০ শতাংশ বোনাছ আদায় দিয়াৰ দাবীত বাগিচাখনৰ সহস্ৰাধিক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে টাটা টি কোম্পানীৰ অন্তৰ্গত এমেলগেমেটেড প্লেন্টেচনছ প্ৰাইভেট লিমিটেডৰ অধীনস্থ মৰিয়নিৰ কাকজান চাহ বাগিচাৰ মুঠ পাঁচটা ডিভিজন আছে । বাগিচাখনত এইবাৰ শ্ৰমিকক ২০ শতাংশ বোনাছ দিয়াৰ কথা আছিল । অসম চাহ মজদুৰ সংঘ আৰু বাগিচা কৰ্তৃপক্ষৰ মাজত হোৱা কেইবালানি আলোচনাৰ অন্তত কালি এই সিদ্ধান্ত লোৱা হয় । এক সূত্ৰৰ মতে, এইবাৰ বাগিচা কৰ্তৃপক্ষই বোনাছ হিচাপে প্ৰথমে মাত্ৰ ৮•৩৩ শতাংশহে দিয়াৰ পোষকতা কৰিছিল । চাহ মজদুৰ সংঘৰ সৈতে হোৱা কেইবালানি আলোচনাৰ অন্তত বাগিচা কৰ্তৃপক্ষই অৱশেষত ২০ শতাংশ বোনাছ দিবলৈ ৰাজী হয় । কিন্তু দুটা কিস্তিত এই বোনাছ দিয়াৰ প্ৰস্তাৱ দিয়ে । দুৰ্গাপূজাৰ আগেয়ে ১৪ শতাংশ আৰু আগন্তুক মাঘ বিহুৰ অৰ্থাৎ তুচু পূজাৰ আগেয়ে বাকী ৬ শতাংশ বোনাছ দিয়াৰ কথা উল্লেখ কৰে । অসম চাহ মজদুৰ সংঘই এই প্ৰস্তাৱ মানি নলয় আৰু এই সন্দৰ্ভত বাগিচাখনৰ শ্ৰমিকৰ মতামত লোৱাৰ পোষকতা কৰে। তেতিয়ালৈকে সকলো ঠিকেই আছিল। আজি বাগিচাখনৰ সাপ্তাহিক দৰমহাৰ দিন আছিল । আজি পুৱা বাগিচাখনৰ তৰফৰ পৰা ২০ শতাংশ বোনাছ একেলগে দিয়া নহ’ব আৰু দুটা কিস্তিত আদায় দিয়া হ’ব বুলি অৱগত কৰাৰ পিছতেই শ্ৰমিক ৰাইজ জাঙুৰ খাই উঠে । এই বিষয়টো প্ৰচাৰ হোৱাৰ লগে লগেই শ্ৰমিকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । শ্ৰমিকসকলে ক্ৰমশঃ কলঘৰৰ সন্মুখত ভিৰ কৰেহি আৰু বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনায় । বোনাছ দুটা কিস্তিত দিয়াটো কেতিয়াও মানি নোলোৱাৰ হুমকি দিয়ে শ্ৰমিকসকলে । উত্তেজিত শ্ৰমিকসকলে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । ইফালে, অসম চাহ মজদুৰ সংঘৰ স্থানীয় নেতাসকলও উত্তেজিত শ্ৰমিকৰ তিৰ্যক বাক্যবাণৰ সন্মুখীন হ’বলগীয়া হয় । পৰিস্থিতি অধিক উত্তেজনাময় হোৱাৰ সময়তে বাগিচাখনৰ মহাপ্ৰবন্ধক, জ্যেষ্ঠ পৰিচালক, সহকাৰী পৰিচালক আদিয়ে পলায়ন কৰে । এই কাৰ্য্যত অধিক উত্তেজিত হৈ পৰে শ্ৰমিকসকল আৰু কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া কাকলি পাটগিৰিৰ নেতৃত্বত মৰিয়নি আৰু দেবেৰাপাৰৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া কুইন গগৈৰ লগতে যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্ত জগত জীৱন দত্তও ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজক বুজাবলৈ চেষ্টা কৰে । ইফালে, ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে বাগিচা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও বিফল হয় । সমগ্ৰ বিষয়টো জিলা আয়ুক্তক অৱগত কৰা হয় । ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে বাগিচা সংঘৰ প্ৰতিনিধিক আলোচনাৰ বাবে কাৰ্য্যালয়লৈ আমন্ত্ৰণ জনায় । সেই অনুসৰি আজি বিয়লি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ লগতে কাকজান চাহ বাগিচাৰ আটাইকেইটা ডিভিজনৰ বাগিচা সংঘৰ প্ৰতিনিধি, বাগিচা কৰ্তৃপক্ষ আদিৰ সৈতে আলোচনাত মিলিত হয় । বাগিচা সংঘই বোনাছ একেলগে দিয়াৰ দাবীত অটল হৈ থাকে। পিছত সকলো বিষয় আলোচনা কৰাৰ লগতে বাগিচাখনৰ মুখ্য কাৰ্য্যালয়ৰ সৈতেও যোগাযোগ কৰা হয় । বাগিচা কৰ্তৃপক্ষই বিষয়টো নিষ্পত্তি কৰিবলৈ এদিনৰ সময় বিচৰাত সকলোৰে সন্মতিমৰ্মে এদিনৰ সময় দিয়া হয় । সেই অনুসৰি কাইলৈ বোনাছ সম্পৰ্কীয় বিষয়টো নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ মাজতে আজি সাপ্তাহিক দৰমহাও প্ৰদান কৰা হয় ।শেহতীয়াকৈ জানিব পৰা মতে, বাগিচা কৰ্তৃপক্ষই ইতিমধ্যে ২০ শতাংশ বোনাছ এটা কিস্তিতেই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শ্ৰমিকৰ দাবী মানি লৈ বাগিচাখনৰ কৰ্তৃপক্ষই এটা কিস্তিত ২০ শতাংশ বোনাছ আদায় দিবলৈ মানি লোৱা সিদ্ধান্তক অসম চাহ মজদুৰ সংঘই আদৰণি জনাইছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া