নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ব্যাপক হাৰত বৃদ্ধি গৰু সৰবৰাহকাৰীৰ তৎপৰতা

🔹 আৰক্ষীৰ পৰিসংখ্যাত উন্মোচিত উদ্বেগজনক দিশ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : শেহতীয়াকৈ ৰাজ্যৰ নামনিৰ ধুবুৰী জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে অবৈধ গৰু সৰবৰাহকাৰী চক্ৰৰ তৎপৰতা। ধুবুৰী আৰক্ষীৰ এক সাম্প্ৰতিক পৰিসংখ্যাতেই উন্মোচিত হৈছে উদ্বেগজনক এই দিশ। প্ৰাপ্ত তথ্য অনুসৰি, বিগত চাৰি দিনতেই ধুবুৰী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহিঃৰাজ্যৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা ৪৫টা গো-ধন উদ্ধাৰ কৰাৰ বিপৰীতে গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত ১০গৰাকীকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা হৈছে গো-ধন সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা ৭খনকৈ বাহনো। উল্লেখ্য যে শেহতীয়াকৈ আৰক্ষীৰ চকুত ধূলি দিবলৈ গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰে নিত্য নতুন কৌশল অৱলম্বন কৰাও পৰিলক্ষিত হৈছে। আৰক্ষীৰ অভিযানত আলুৰ বস্তা আদিকে ধৰি ফল-মূলৰ তলত লুকুৱাই বহিঃৰাজ্যৰ পৰা জিলাখনলৈ গৰু অনাৰ প্ৰয়াস অব্যাহত ৰখাৰ বিষয়টো উন্মোচিত কৰিছে। সমান্তৰালকৈ গো-সৰবৰাহকাৰীয়ে বিলাসী বাহনতো গো-ধন অনাৰ চেষ্টা চলাই থকাৰ বিষয়টোও উঠি আহিছে। ইয়াৰ মাজতেই আকৌ ম’হৰ মাংস আমদানি কৰাৰ চৰকাৰী কোনো নিষেধাজ্ঞা নথকাৰ সুযোগ লৈ এটা চক্ৰই বহিঃৰাজ্যৰ পৰা ম’হৰ মাংস অনাৰ গইনা লৈ গো-মাংস সংগোপনে আনি থকা বুলিও সন্দেহ প্ৰকাশ কৰি আহিছে ভূ ৰখা একাংশই। সম্প্ৰতি ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয়ে কৰায়ত্ত কৰা  পশ্চিমবংগৰ  ডাব্লুবি ৭৩/ডি ৭৯৭৭ নম্বৰৰ এখন মালবাহী মহিন্দ্রা পিকআপ বাহনত থকা সামগ্ৰীক লৈ সৃষ্টি হোৱা ৰহস্যই সেই সন্দেহ অধিক ঘনীভূত কৰি তোলা দেখা গৈছে। অৱশ্যে পিছলে গৈ আৰক্ষীয়ে গৌৰীপুৰৰ বেপাৰীপট্টী অঞ্চলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰা সেই বাহনখনক যাবলৈ দিয়ে যদিও সেই ঘটনাটোক লৈ স্থানীয় পশুপালন বিভাগৰ ভূমিকাক লৈও একাংশ মহলত বু বু বা বা  আৰম্ভ হোৱা দেখা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

 

You might also like