নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত পাৰ্কিঙৰ অভাৱ : গাড়ী ৰখাই থ’লেই পৰে আৰক্ষীৰ শেনচকু

🔴পৌৰসভা ব্যস্ত মুকলি স্থানত ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান বহোৱাই ধন সংগ্ৰহত

🔴শীঘ্ৰে জিলা প্ৰশাসন- পৌৰসভাক পৰ্য্যাপ্ত পাৰ্কিং আস্থান স্থাপনৰ দাবী

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ বিশ্বৰ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ঐতিহাসিক শিৱসাগৰ চহৰৰ মাজমজিয়াত পৰ্য্যাপ্ত পাৰ্কিং আস্থানৰ ব্যাপক অভাৱৰ ফলত দুচকীয়া-চাৰিচকীয়া বাহনৰ আৰোহীয়ে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ চহৰ খনৰ মুকলি স্থান সমুহত পাইকাৰী হাৰত ক্ষুদ্ৰ ব্যৱসায়ী সংস্থাপনেৰে ৰাজহ সংগ্ৰহৰ প্ৰতিযোগিতাত নমা পৌৰসভাৰ পৰিকল্পনা বিহীন কেতবোৰ সিদ্ধান্তৰ বাবেই সম্প্ৰতি শিৱসাগৰত দুচকীয়া- চাৰিচকীয়া বাহনৰ পাৰ্কিংৰ বাবে মুকলি স্থান দুৰ্লভ হৈ পৰিছে ৷পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে দিনৰ ভাগত অথবা সন্ধিয়াৰ ভাগত চহৰ খনলৈ বজাৰ সমাৰ বা আন কামত অহা নাগৰিকে ঘন্টা সময় পাৰ্কিং আস্থান বিচাৰোতেই ব্যয় কৰিব লগীয়া হয় ৷আন নালাগে চুলিৰ সমান ইফাল সিফাল হলেই ঘৰলৈ জৰিমণাৰ ই – চালান যোৱাৰ আতংকই খেদি ফুৰা পৰিয়াল সমুহে পত্নীক বজাৰ কৰিবলৈ পঠাই স্বামী গাড়ীত বহি ই- চালানৰ ৰোষৰ পৰা বাছিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷পৌৰ সভাৰ পৰিকল্পনা বিহীন কাৰ্য্যকলাপ আৰু যান- বাহন আৰক্ষীৰ ই চালানৰ আতংকৰ মাজত সাধাৰণ দুচকীয়া-চাৰিচকীয়া বাহনৰ গৰাকী সমুহ পণবন্দী হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰো সৃষ্টি কৰিছে৷ উল্লেখ্য যে, ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণালী ইতিহাসেৰে উজ্বলী থকা শিৱসাগৰৰ শিৱদৌল, বৰপুখুৰী, ৰংঘৰ,কাৰেংঘৰ, জয়সাগৰ পুখুৰীৰৰ লগতে পৌৰাণিক সম্পদৰাজীৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ প্ৰতিদিনেই চহৰ খনলৈ আগমণ ঘটে শ শ দৰ্শনাথী – বিদেশী পৰ্য্যটকৰ ৷ইংৰাজৰ আমোলৰ পৰাই আজি পৰ্য্যন্ত শিৱসাগৰ চহৰ খনৰ চাৰি সীমা, বাট পদূলী সম্প্ৰসাৰণ নহল যদিও চহৰ খনক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিল বহু অনুষ্ঠান-প্ৰতিষ্ঠান-ব্যৱসায়-বাণিজ্যৰ লগতে অ এন জি চিৰ দৰে তৈল প্ৰতিষ্ঠা ৷ ইয়াৰ বিপৰীতে নগৰ খনৰ মূল পথ কেইটা সামান্য উন্নীতকৰণ হোৱাৰ বিপৰীতে চহৰ খন সম্প্ৰসাৰণৰ ক্ষেত্ৰত কোনো পৰিকল্পনা কাৰ্য্যকৰী নহল ৷পৰিণতিত চহৰ খনৰ হৃদ পিণ্ড স্বৰুপ দলমুখ ছাৰিআলি, ষ্টেচন ছাৰিআলি, মুক্তিনাথ ছাৰিআলি, কে পি, ছাৰিআলি, বি জি ৰোড, আমোলাপট্টী, বাবুপট্টী, মাৰোৱাৰী পট্টী, কেন্দ্ৰীয় বজাৰৰ চাৰিও দিশৰ লগতে এ টি ৰোডৰ দুয়োপাৰ একেই থাকিল৷ ইয়াৰ বিপৰীতে চহৰৰ মূল স্থান কেইটাৰ কোনো সম্প্ৰসাৰণ নোহোৱাৰ বিপৰীতে চহৰ খনত স্বাভাৱীক ভাৱেই যান- বাহনৰ হেচা বৃদ্ধি পাবলৈ ধৰি ৷ সৰু বৰ উদ্যোগৰ ওপৰিও, অএন জিচিৰ লঘু বাহনৰ লগতে দৈনিক চহৰখনলৈ অহা যান-বাহন সমুহৰ বাবে সৰু চহৰ খনত পৰ্য্যাপ্ত স্থানৰ অভাৱ দীৰ্ঘ সময় ধৰি অনুভৱ কৰি আহিছে ৷ইফালে চহৰ খনলৈ অহা যান-বাহনসমুহৰ বাবে যিসমুহ নিৰ্বাচিত সূচল গাড়ী ৰখোৱাৰ স্থান আছিল সেই ঠাই সমুহত পৌৰসভাই একাংশ ক্ষুদ্ৰ ব্যৱসায়ীক সংস্থাপিত কৰি ৰাজহ সংগ্ৰহৰ প্ৰতিযোগিতাত নমাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে যান-বাহন আৰোহীসকলে৷ বিশেষকৈ চিকিৎসকৰ চেম্বাৰৰ সন্মুখত মুমুৰ্ষ ৰোগী নমোৱাৰ সময়তো আৰক্ষীয়ে দূৰৈৰ পৰা ফটো মাৰি ই-চালানৰ যোগেদি জৰিমণা বিহাৰ ঘটনাই ৰাইজক ক্ষোভিত কৰি তুলিছে ৷আনহাতে বাবুপট্টী পথ, দলমুখ ছাৰি আলি, মাৰোৱাৰী পট্টী ইত্যাদি স্থান সমুহত দিনৰ ভাগত পৌৰ সভাক মাচুল দিয়া ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ শ ই ৰিস্কাই উক্ত মুকলি স্থান যান- যটেৰে দখল কৰিবলৈ আৰম্ভ কৰিছে ৷পৰিণতিত ব্যক্তিগত বাহনেৰে চহৰলৈ অহা পৰিয়াল সমুহে চকুৰে সৰিয়হ ফুল দেখিবলৈ আৰম্ভ কৰিছে ৷ এই খিনিতেই উল্লেখ কৰাৰ প্ৰয়োজন যে শিৱসাগৰ চহৰত বাস কৰা বহু পৰিয়াল আৰু একাংশ ব্যৱসায়ীক প্ৰতিস্থানৰ গৰাকীসমুহেও পাৰ্কিং আস্থান সমুহ ব্যক্তিগত গেৰেজৰ দৰে ব্যৱহাৰ কৰি আহিছে ৷ চহৰ খনৰ আটাই কেইটা ব্যস্ত অঞ্চলত ২৪ ঘন্টাই প্ৰায় শতাধিক ব্যক্তিগত বাহন আৰু বিভিন্ন সামগ্ৰী উঠোৱা নমোৱা বাণিজ্যিক চাৰিচকীয়া-ছয়চকীয়া বাহনে আৱদ্ধ কৰি ৰাখে ৷ ফলস্বৰূপে সাধাৰণ পৰিয়াল সমুহে নিদিষ্ট পাৰ্কিং আস্থান সমুহত ডাবোল পাৰ্কিং কৰাৰ বিপৰীতে আন একাংশই সুবিধাজনক স্থানত গাড়ী ৰখাবলৈ গলেই আৰক্ষীৰ ৰোষত পৰে ৷অথচ নিয়মিত সকলো ধৰণৰ কৰকাটল সংগ্ৰহ কৰাৰ লগতে পাৰ্কিং আস্থানত গাড়ী ৰখোৱাৰ বাবদো মাচুল আদায় দিয়া যান বাহন সমুহৰ বাবে এতিয়া শিৱসাগৰত গাড়ী ৰখোৱাৰ স্থানৰ অভাৱ ৷ স্মৰ্তব্য যে, শিৱসাগৰত শতাধিক ব্যৱসায়ীয়ে মূল পথ দখল কৰি অস্থায়ী বিপনী খোলাৰ লগতে আন একাংশই আকৌ মূল পথৰ ওপৰতেই বিক্ৰিৰ সামগ্ৰী-চাইন বৰ্ড ৰাখি যান-বাহনৰ পাৰ্কিং স্থান সমুহ দখল কৰি আহিছে ৷বিশেষকৈ বেটাৰি চালিত ই- ৰিস্কাসমুহৰ অঘোষিত পাৰ্কিংও বৰ্তমান সময়ত অন্যতম কাৰণ হিচাবে পৰিগণিত হৈছে ৷ সচেতন মহলে তাৎক্ষনিকভাৱে পৰ্য্যাপ্ত পাৰ্কিং স্থানৰ ব্যৱস্থা চহৰৰ মাজমজিয়াত সুলভ কৰি তুলিবলৈ জিলা প্ৰশাসন- পৌৰসভাৰ প্ৰতি দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like