নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতীতক জুমি চোৱাৰ উদ্দেশ্যে চিঠি লিখা প্ৰতিযোগিতাৰ আয়োজন

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি ? যান্ত্ৰিকতাৰ পৰা আঁতৰি আলফুলীয়া শব্দৰে ভৰা বুকুৰ ভিতৰৰ কুহুমীয়া বিষ অনুভৱ কৰিছেনে? ফেচবুক, হোৱাটছএপৰ ধামখুমীয়াত হেঁপাহৰ চিঠিখন অতীত হ’ল। কালৰ বুকুত হেৰাই গল চিঠি লিখাৰ মাদকতা। আজিৰ প্ৰজন্মই নাজানে চিঠি লিখাৰ মাদকতা, নাজানে চিঠি পঢ়াৰ আনন্দ।ডাকোৱাল আহিব বুলি পদুলিলৈ উৎকণ্ঠাৰে ৰৈ থকা সেই দিনবোৰো আজি নাই।যিজন ডাকোৱালৰ চিঠিৰ টোপোলাত আছিল হাঁহি বিৰিঙাব পৰা কিছু খবৰ। চিঠি পত্ৰ আদান-প্ৰদানৰ অন্যতম বাৰ্তাবাহক হিচাপে পৰিচিত ডাকঘৰৰ সেই ৰঙা ৰঙৰ পোষ্টেল বাকচটোও আজিৰ দিনত অৱহেলিত। যিটো বাকচত নিহিত হৈ আছিল আপোনজনৰ মৰমৰ ভাষা চিঠিৰ এনে দুৰৱস্থা আৰু সংকটৰ সময়তে ঢকুৱাখনা গ্ৰন্থমেলাৰ এক অভিনৱ প্ৰয়াস। পঞ্চম ঢকুৱাখনা গ্ৰন্থমেলা আয়োজক সমিতিয়ে হেৰাই যোৱা সেই আন্তৰিকতাপূৰ্ণ অতীতবোৰক পুনৰ এবাৰ জুমি চোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰিলে চিঠি লিখা প্ৰতিযোগিতা। ঢকুৱাখনা নৰ্মাল স্কুলৰ প্ৰাংগনত অনুষ্ঠিত প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলে মনৰ ভাৱ প্ৰকাশ কৰি পিতৃ-মাতৃ অথবা বন্ধু-বান্ধবীলৈ লিখিলে এখন চিঠি। ঢকুৱাখনাৰ কেইবাখনো বিদ্যাল়য়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ ললে চিঠি লিখা প্ৰতিযোগিতাত।চিঠি লিখা প্ৰতিযোগিতাত ভাগ লৈ আনন্দিত হৈ পৰিল শিক্ষাৰ্থীসকল। ব্যক্তও কৰিলে মনৰ ভাৱ। অতীতৰ চিঠিৰ সময়বোৰ সুঁৱৰি নষ্টালজিক হৈ পৰিল অনুষ্ঠানত অংশগ্ৰহন কৰা আয়োজক সমিতিৰ একাংশ বিষয়-ববীয়া। অতীতৰ সেই চিঠি লিখাৰ দিনবোৰ ঘূৰাই অনাৰ লগতে নৱ-প্ৰজন্মৰ মাজত চিঠি লিখাৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজক সমিতিয়ে অৱগত কৰিলে চিঠি লিখা প্ৰতিযোগিতাৰ উদ্দেশ্যৰ কথা। এনেদৰেই এটা দিনৰ বাবে হলেও শিক্ষাৰ্থীসকল উভতি গল অতীতলৈ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like