নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত শ্মশানস্থলী নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা,  ২৮ ছেপ্টেম্বৰ : জনসাধাণৰ সুবিধাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি প্ৰণয়ন কৰি চৰকাৰী পুঁজি আবন্টন দিয়াৰ পিছতো একাংশ ঠিকাদাৰ আৰু কৰ্মচাৰীয়ে নিজৰ পকেট গধুৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ পৰাৰ ফলত চৰকাৰী ধনৰ শৰাধ হোৱাটো নতুন কথা নহয়। চৰকাৰী পুঁজিৰ শৰাধ কৰা তেনে এক উন্নয়নমূলক কাম হৈছে বিগত পাঁচ বছৰেও সম্পূৰ্ণ নোহোৱা টিফুক চাহ বাগিচাত নিৰ্মাণ কৰা শ্মশানস্থলী । আছুতীয়া পুঁজিৰে নিৰ্মাণ কৰা শ্মশানস্থলী সম্প্ৰতি হাবি-জংঘলেৰে আগুৰি ভূত বাংলালৈ পৰ্যবসিত হৈছে। আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ ২০১৮-১৯ বৰ্ষতে নিৰ্মাণকাৰ্য আৰম্ভ কৰা শ্মশানস্থলী যোৱা পাঁচ বছৰেও সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিকাদাৰে। যাৰ বাবে শ্মশানস্থলী নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আদিবাসী ছাত্ৰ সন্থা । মানুহৰ মৃত্যুৰ পিছত প্ৰয়োজন হোৱা অন্তিম সৎকাৰৰ ঠাইডোখৰৰ বাবে আবন্টিত পুঁজিও উদৰস্থ কৰাত জাঙুৰ খাই উঠা আদিবাসী ছাত্ৰ সন্থাই শিৱসাগৰ জিলা উপায়ুক্তক এনে অনিয়মৰ তদন্ত কৰিবলৈ দাবী জনাইছে। অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে।

 

প্ৰেৰক দেৱানন্দ কলিতা

You might also like