নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ ষট্ পূজা উপলক্ষে আজি পুৱতিনিশাৰ পৰা ধুবুৰীৰ বিভিন্ন পাৰঘাট লোকাৰণ্য হৈ পৰে। উল্লেখ্য যে এইবাৰ চহৰখনৰ কাষেৰে বৈ যোৱা বৰলুইত আৰু গদাধৰ নৈৰ মুঠ ৮টাকৈ পূৰ্বনিৰ্ধাৰিত পাৰঘাটত ষট্ পূজা অনুষ্ঠিত হয়। প্ৰতিবছৰৰ দৰে এইবাৰো ধুবুৰী প্ৰশাসন আৰু পৌৰসভাৰ সহযোগত ধুবুৰী ষট্ পূজা কমিটিয়ে পাৰঘাটকেইটা আগতীয়াকৈ পৰিস্কাৰ কৰি আটকধুনীয়াকৈ সজাই-পৰাই তোলে আৰু পুণ্যার্থীৰ সুবিধাৰ বাবে বিশেষ আলোকসজ্জাৰো ব্যৱস্থা কৰা হয়। কালি বিয়লি বেলি মাৰ যোৱাৰ সময়ত পাৰঘাটত উপস্থিত হোৱা হোৱা হাজাৰ হাজাৰ পুণ্যাৰ্থীয়ে মাংগলিক নীতি-নিয়মনিয়ম মানি পূজা-অৰ্চনা কৰাৰ পিছত আজি পুৱতিনিশা বেলি উঠাৰ পূৰ্বেই উপস্থিত হোৱা পুণ্যার্থীসকলে পাৰম্পৰিক নিয়ম-নীতিৰ মাজেৰে ষট্ পূজা সম্পন্ন কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like