নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : ৰাজ্যৰ ১২খন জিলাত বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ। বুধবাৰে শিক্ষানুষ্ঠানবোৰত স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ পিছত বৃহস্পতিবাৰে বহি:মূল্যা়য়নৰ প্ৰথম দিন আৰু প্ৰথম দিনা পুৱা নগৰবেৰাৰ শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত নিয়মীয়া প্ৰাত:সভাত উপস্থিত থাকে জিলা প্ৰাথমিক প্ৰকল্প প্ৰবন্ধক সৌৰভ ঠাকুৰীয়া আৰু বহিঃ মূল্যায়ক ধৃতিৰঞ্জন ৰয় (পিজিটি, গোৱালপাৰা), শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শৈলেন্দ্ৰ পাঠক, প্ৰাক্তন সভাপতি ৰবিলোচন ঠাকুৰীয়া, মাতৃগোটৰ সদস্যাসকল | বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুলেন তালুকদাৰৰ উপস্থিতিত প্ৰাতঃসভাৰ পাছতেই বহি:মূল্যায়ক ঠাকুৰীয়াই গুণোৎসৱ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰে ৷ জিলা কাৰ্যসূচী প্ৰবন্ধক ঠাকুৰীয়াই গুণোৎসৱক লৈ বিশেষ ভয় কৰিব নালাগে বুলি মন্তব্য কৰি গুণোৎসৱ অকল ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, এয়া বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক, চৰকাৰী শিক্ষা ব্যৱস্থা আৰু চৰকাৰখনৰ বাবেও একধৰণৰ মূল্যায়ন বুলিও মন্তব্য কৰে |উল্লেখ্য যে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ষৰ গুণোৎসৱত ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনস্থ ৪৩,৪৯৮খন শিক্ষানুষ্ঠানৰ ৩৯,৬৩,৫৪২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব ৷ শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুলেন তালুকদাৰ আৰু জিলা প্ৰকল্প প্ৰবন্ধক ঠাকুৰীয়াই পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰৰ গুণোৎসৱতো শিক্ষানুষ্ঠানখনে এ’ গ্ৰেড পাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস