নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলি-মুদুলি ঢকুৱাখনা বি এড কলেজৰ বাকৰি

🔹 স্মৃতিগ্ৰন্থ উন্মোচন বিশিষ্ট গৱেষক ড০ উপেন ৰাভা হাকাচামৰ

নিয়মীয়া বাৰ্তা,  ৭ অক্টোবৰ : উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান তথা ঢকুৱাখনা মহকুমাৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা বি এড কলেজৰ গৌৰৱোজ্বল ৰূপালী জয়ন্তী সমাৰোহৰ দ্বিতীয় দিনা আজি উদুলি-মুদুলি হৈ পৰে শিক্ষানুষ্ঠানখনৰ চৌহদ ৷ আজি পুৱা ১১ বজাত প্ৰাক্তন প্ৰশিক্ষাৰ্থী, বৰ্তমানৰ প্ৰশিক্ষাৰ্থীসকলক লৈ অনুষ্ঠিত হয় ‘পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষার্থীক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক, অভিভাৱক আৰু সমাজৰ দায়িত্ব’ শীৰ্ষক মনোজ্ঞ আলোচনা সত্র। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা সত্রখনিত আলোচক হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকাই কয়- ‘এজন শিক্ষক হৈছে সমাজৰ দাপোণস্বৰূপ। পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে আৰু শিক্ষকে এক আদৰ্শৱান নাগৰিক হিচাপে প্ৰতিষ্ঠাৰে গঢ়ে সমাজ।’ এটা জাতিৰ বিকাশত আৰু উপযুক্ত গঠনত অভিভাৱক আৰু শিক্ষকৰ ভূমিকাৰ ওপৰত বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰি প্ৰাধ্যাপক ড° হাজৰিকাই তেওঁৰ বক্তব্যত শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাবে আত্মনিৰ্ভৰশীল কৰি তুলি তেওঁলোকক মানৱ সম্পদ হিচাপে গঢ়ি তোলাটো শিক্ষকৰ কৰ্তব্য বুলি উল্লেখ কৰে। ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকল উপস্থিত থকা মনোজ্ঞ আলোচনা সত্রখনত আনগৰাকী আলোচক হিচাপে উপস্থিত থাকে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ। দয়া, ক্ষমা, সত্যনিষ্ঠা, সৎ সাহস, আত্মবিশ্বাস, ন্যায় বিচাৰ আদি সাৰ্বজনীন প্ৰমূল্যৰ বিকাশ সাধন হ’লেহে শিক্ষাৰ্থীসকল এখন সুস্থ সমাজৰ প্ৰকৃত নাগৰিকৰূপে গঢ় লৈ উঠিব বুলি মন্তব্য কৰি তেওঁ লগতে কয়- “আত্মসংযমী লোকে সমূহীয়া স্বাৰ্থৰ হকে কাম কৰে। এনে নাগৰিকেহে দেশৰ মংগল সাধন কৰিব পাৰে।” পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষার্থীক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক, অভিভাৱক আৰু সমাজৰ দায়িত্বৰ ওপৰত বিশদভাৱে সাৰুৱা বক্তব্য দাঙি ধৰে। ইয়াৰ পিছতে ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট গৱেষক, ভাষাবিদ ড০ উপেন ৰাভা হাকাচামে। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা সংগীতা শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ৪৮০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ স্মৃতিগ্ৰন্থ ‘ৰূপালী বৈভৱ’ উন্মোচনী ভাষণত ভাষাবিদ ড০ উপেন ৰাভা হাকাচামে কয়- “স্মৃতিগ্ৰন্থ এখন এটা অনুষ্ঠানৰ দলিলস্বৰূপ। ইতিহাসৰ ঘটনাৱলী সাহিত্যৰ পৰিভাষাত লিপিবদ্ধ হয় স্মৃতিগ্ৰন্থৰ বুকুত । ছাত্ৰ-ছাত্ৰীসকলৰ গবেষণাৰ সমল হ’ব পাৰে স্মৃতিগ্ৰন্থ৷” বিয়লিলৈ প্রাক্তন প্রশিক্ষার্থী সন্মিলনৰ সভাপতি দুলু শ‍ইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় প্রাক্তন প্রশিক্ষার্থীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান। বিগত সময়ৰ অতীত গাথা ৰোমন্থন কৰি গৌৰৱান্বিত, আৱেগবিহ্বল আৰু ৰোমাঞ্চিত হৈ পৰে সমৱেত প্ৰাক্তন প্রশিক্ষার্থীসকল।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like