নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দপদপনি। এইবাৰ গোৰেশ্বৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাহকক দিলে ৰামঠগন। নিউ ট্ৰেডিং কোম্পানী ছ’চাইটি নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি গোৰেশ্বৰৰ নীলকমল পাল নামৰ লোকজনে গ্ৰাহকক দিলে ৰামঠগন। প্ৰায় দুই সহস্ৰাধিক লোকৰ পৰা কোটিৰো অধিক টকা সংগ্ৰহ কৰি অন্তৰ্ধান হোৱা নীলকমল পালক লৈ গোৰেশ্বৰত লাগিছে তোলপাৰ। অভিযোগ মতে গোৰেশ্বৰৰ পূৰণা বজাৰ নিৱাসী নীলকমল পাল নামৰ লোকজনে গোৰেশ্বৰৰ ৰে’ল কলনী, ২নং গোৰেশ্বৰ, হাৰিজোৰা আদি বিভিন্ন অঞ্চলৰ সৰ্বসাধাৰণ লোকক টাৰ্গেট কৰি নিউ ট্ৰেডিং কোম্পানী ছ’চাইটীত ধন জমা থলে অধিক লাভ দিয়াৰ প্ৰলোভন দি চলাইছিল লুণ্ঠন। কিন্তু নিৰ্দিষ্ট সময়ত ধন জমা থোৱাৰ সময় শেষ হোৱাৰ পিছত বহু গ্ৰাহকে লাভ্যাংশসহ মূলধন ঘূৰাই বিচৰাত প্ৰৱঞ্চক নীলকমল পালে পলায়ন কৰে। নীলকমল পালৰ পলায়নৰ খবৰ পোৱাৰ পিছতে গ্ৰাহকসকলৰ মাজত হাহাকাৰ লাগে। ভুক্তভোগী গ্ৰাহকসকলে উপায়হীন হৈ প্ৰাপ্য ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। উল্লেখ্য যে গোৰেশ্বৰত পঞ্জীয়ন নথকা বহু প্ৰতিষ্ঠানে অনুৰূপ ধৰণে ধন সংগ্ৰহ কৰি আছে যদিও প্ৰশাসনে এইক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰেৰক বিজয় ৰাজবংশী