🔹 এডাল বাঁহেৰে পাৰাপাৰ হয় জলমগ্ন স্থান
নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : অসম মুলুকৰ অতিকে ভিতৰুৱা আৰু আওহতীয়া ঠাই নগৰবেৰাৰ টুপামাৰী অঞ্চলটোৰ ৪৫ নং টুপামাৰী গাঁও পঞ্চায়তৰ ৩নং বিলৰপাৰ কাঠৰ দলং ভাঙি চিন-মোকাম নোহোৱা হ’ল আৰু সম্প্ৰতি ৰাইজ, ছাত্ৰ-ছাত্ৰীয়ে জলমগ্ন স্থানত অব্যাহত ৰাখিছে বিপজ্জনক যাতায়াত | টুপামাৰী অঞ্চলৰ ১নং, ২নং টুপামাৰী গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহ-যাহ কৰিবলগীয়া হৈছে বিপদসংকুলভাৱে। পূৰ্বতে এই স্থানত এখন কাঠৰ দলং আছিল। কালৰ সোঁতত দলংখন ভাঙি গ’ল, বাকী আছে মাথোঁ দলংৰ খুঁটাবোৰ। উপায়বিহীন হৈ স্থানীয় একাংশই পাৰাপাৰৰ বাবে খুঁটাত বান্ধি দিলে তামোল, বাঁহ আদি | তামোল, বাঁহ আদিৰে কোনোমতে ৰাইজ, ছাত্ৰ-ছাত্ৰীয়ে অব্যাহত ৰাখিছে মৰণপণ যাতায়াত| কেনেবাকৈ ভৰি পিছলিলেই বিপদ অনিবাৰ্য । দুই-একে পাৰ হয় যদিও বহুতেই ভয় খায় তেনে কৰিবলৈ আৰু সেয়ে ইউনিফৰ্ম তিতিলেও উপায় নাই, বিপজ্জনকভাবে পাৰ হয় জলৰাশি | মুঠতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা যাতায়াত। টুপামাৰী অঞ্চলৰ যাতায়াত বিড়ম্বনাৰ এনে কাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ | শীঘ্ৰে এখন দলংৰ দিহা কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। ৰাইজেও বিচাৰে শীঘ্ৰে দলংৰ দিহা কৰা হওক উক্ত স্থানত |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস