নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাংগাপানী পঞ্চায়তত সাংস্কৃতিক মহাসংগ্ৰামত অথন্তৰ

🔹 পঞ্চায়তৰ কাকো নেদেখি প্ৰতিবাদমুখৰ ছাত্ৰ-ছাত্ৰী

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : কামৰূপৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাংগাপানী পঞ্চায়তত সাংস্কৃতিক মহাসংগ্ৰামত অথন্তৰ ঘটিল। নৃত্য-গীতৰ বাবে ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ কৰি সময় মতে উপস্থিত নাথাকিল পঞ্চায়তৰ কোনো লোক | অনুশীলনৰ অন্তত সময় মতে উপস্থিত হৈছিল বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী। পিছে পঞ্চায়তৰ লোকেহে পাহৰিলে কাৰ্যসূচীৰ কথা। না মঞ্চ, না ছাউণ্ডৰ দিহা কৰা হ’ল | জাক পাতি পাতি ছাত্ৰ-ছাত্ৰীসকল উপস্থিত হৈছিল ঘোষণা অনুসৰি স্থানীয় ইছমাইল হুছেইন হাইস্কুলত। পিছে দিনৰ ১১-১২ বজালৈ উপস্থিত নহ’ল পঞ্চায়তৰ কোনো এজনো | ৰৈ থাকি থাকি আমনি লাগিল, লঘোনে-ভোকে অস্থিৰ হৈ পৰিল সকলো আৰু পাছলৈ শিক্ষক-শিক্ষাৰ্থী সকলো বিমৰ্ষ মনে ঘৰাঘৰি যায়। পিছে যোৱাৰ পৰত প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰীসকলে। চৰকাৰী নিৰ্দেশনাক উলংঘা কৰা ৰাংগাপানী পঞ্চায়তৰ সংশ্লিষ্টসকলৰ বিপৰীতে শাস্তিৰো দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে | কি সাহসত বিভাগীয় নিৰ্দেশনাকো উলংঘা কৰাৰ স্পৰ্ধা দেখুৱাব পাৰে পঞ্চায়ত কৰ্মচাৰীয়ে ?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like