নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত ৰে’ল বিভাগৰ সুৰংগ পথত একঁকাল পানী

বিশেষ বাৰ্তা, ২১ আগষ্ট : বিহালী সমষ্টিৰ অন্তৰ্গত মাদুৰালী গাঁৱত ৰে’ল বিভাগে নিৰ্মাণ কৰা ১৫০ নং ৰে’লগেটৰ সুৰংগ পথত একঁকাল পানী জমা হৈ থকা বাবে ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ যাতায়াতত বাধাৰ সৃষ্টি হোৱাত সেই  সন্দৰ্ভত কালি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিয়লি ৩ বজাত বিশিষ্ট ব্যক্তি অশোক নায়কৰ  সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে খগেশ্বৰ মালে। প্ৰতিবছৰে স্থানীয় ৰাইজে এই সমস্যাত যাতনা ভুগি আহিছে যদিও ৰে’ল বিভাগে ৰাইজৰ সমস্যালৈ পিঠি দি আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। লগতে সভাৰ প্ৰস্তাৱ ৰে’ল কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু ৰে’ল বিভাগক অনতিপলমে সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । সভাখনত অৰ্ধশতাধিক লোকৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক হাচমত আলী, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ নেতা নৰোত্তম চুণ্ডী, বিপ্লৱী যুৱ সন্থাৰ নেতা পৰিমল গোড় আদিও উপস্থিত থাকে আৰু ৰাইজৰ হৈ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
প্ৰেৰক অমিতাভ বৰুৱা
You might also like