নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ অ’ এন জি চি কলনীস্থিত মূল গেটৰ সমীপৰ গণকপট্টি অঞ্চলত এটা পৰিত্যক্ত চ্যুটকেছক লৈ এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ পৰিত্যক্ত চ্যুটকেছটোত বোমা থকাৰ সন্দেহত সমগ্ৰ অঞ্চলটোতেই হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিশা প্ৰায় চাৰে দহ বজাৰ পৰা অব্যাহত থকা তীব্ৰ আতংকময় পৰিৱেশৰ যৱনিকা অৱশ্যে প্ৰায় ডেৰ ঘন্টাৰ অন্তত পৰে ৷ প্ৰাপ্ত বাতৰি মতে, গণকপট্টিৰ পৰা অ’ এন জি চি কলনীৰ মূল গেটৰ সন্মুখেদি নাজিৰা আলিত সংযোগ ঘটা পথটোৰ কাষতেই নিশা প্ৰায় ১০ বজাত একাংশ স্থানীয় ৰাইজে এটা চ্যুটকেছ পৰিত্যক্ত অৱস্থাত এজন ব্যক্তিৰ গেটৰ সন্মুখত পৰি থকা দেখে ৷ প্ৰথম অৱস্থাত কোনো ব্যক্তিয়ে সেইটো ভুলতে এৰি থৈ গৈছে বুলি সন্দেহ কৰিছিল যদিও বহু সময়লৈকে গৰাকী নোলোৱাত ৰাইজৰ সন্দেহ অন্যদিশত ঘনীভূত হয় ৷ ৰাইজে উগ্ৰপন্থী সদস্যই চ্যুটকেছটোৰ ভিতৰত বোমা সংস্থাপন কৰাৰ সন্দেহ কৰি আৰক্ষীক খবৰ দিয়াৰ পিছতেই সমগ্ৰ চহৰখনতেই বিয়পি পৰে বোমাতংকৰ বাতৰি ৷ খবৰ লাভ কৰিয়েই সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, নিৰাপত্তা বিভাগৰ এ এছ পি আৰিফ আহমেদৰ নেতৃত্বত এটা বিশাল আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় ঘটনাৰ অনুসন্ধান চলায়। আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা হিচাপে পথটোৰে যাতায়াত বন্ধ কৰি দিয়াৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বোমা প্ৰতিৰোধী ব্লেংকেটেৰে সন্দেহজনক চ্যুটকেছটো ঢাকি, বোমা প্ৰতিৰোধী ধাতুৰে নিৰ্মিত এটা ড্ৰামত বোমাটো ভৰাই দিয়ে ৷ ইফালে, যান-বাহন আৰক্ষীৰ এটা দলে নিশাৰ ভাগত এখন হাৰ্ডৱেৰৰ দোকানৰ সন্মুখত মজুত কৰি ৰখা বৃহত পৰিমাণৰ বালিভৰ্তি বস্তাৰে তৎপৰতাৰে সন্দেহজনক চ্যুটকেছটোৰ চাৰিওফালে এক কঠোৰ আবেষ্টনী তৈয়াৰ কৰে ৷ আনহাতে, শীৰ্ষ মহলৰ নিৰ্দেশত চাবুৱাস্থিত দিনজান সেনা শিবিৰৰ এটা দলকো ঘটনাস্থলীলৈ আহিবলৈ নিৰ্দেশ দিয়াৰ লগতে শেহতীয়াকৈ শিৱসাগৰত বাহৰ পতা অসম কমাণ্ডোৰ এটা দলকো ঘটনাস্থলীত নিৰাপত্তাত নিয়োজিত কৰে ৷ ঘটনাস্থলীৰ নিৰাপত্তাত কোনো ধৰণৰ সুৰুঙা নৰখাকৈ দিনজানৰ সেনা বাহিনীৰ বোমা নিষ্ক্ৰিয়কাৰী দলৰ অপেক্ষাত থকাৰ সময়তেই ঘটনাস্থলীত উপস্থিত হোৱা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাই চ্যুটকেছটো তেওঁৰ বুলি দাবী কৰাৰ পিছতহে উৰহী গছৰ ওৰ ওলাই পৰে ৷ আৰক্ষী প্ৰশাসনে আদবাটৰ পৰাই দিনজানৰ বোমা নিষ্ক্ৰিয়কাৰী দলক পুনৰ শিবিৰলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিয়ে ৷ নিশা প্ৰায় এক বজা পৰ্য্যন্ত এই ঘটনাক লৈ সমগ্ৰ জিলাখনত অব্যাহত থাকে আতংকময় পৰিৱেশ ৷ এই ঘটনাৰ সময়ত শিৱসাগৰ আৰক্ষীৰ যথোচিত তৎপৰতা স্বাভাৱিকতেই প্ৰশংসনীয় যদিও স্মাৰ্ট শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ মাজত এগৰাকীও বোমা বিশেষজ্ঞ নথকাৰ ঘটনাই আৰক্ষীৰ অসহায়তাকো উদঙাই দেখুৱাইছে। শীঘ্ৰে শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ মাজত এটা বোমা বিশেষজ্ঞৰ দল মজুত ৰাখিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ ওচৰত দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান