ধুবুৰীত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বানপানী আৰু জলবায়ু পৰিবৰ্তনৰ বিষটোৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্য আজিৰ পৰা ধুবুৰী জিলাত আৰম্ভ হৈছে সুৰক্ষিত অসমৰ বাবে বাটৰ নাট শীৰ্ষক এক কাৰ্য্যসূচী। ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত, ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত ১৮ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া সজাগতামূলক এই বাটৰ নাট মূলতঃ জিলাখনৰ বানপানী প্ৰৱন অঞ্চলবোৰত অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে এই বাটৰ নাটৰ শুভাৰম্ভৰ সৈতে সংগতি ৰাখি আজি ধুবুৰীৰ ডাকবাংলো চৌহদত এক বিশেষ কাৰ্যসূচীও অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীতেই বাটৰ নাটৰ কাৰ্যসূচীৰ আনুষ্ঠানিক ভাবে ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰে ধুবুৰী জিলাৰ জিলা আয়ুক্ত দিবাকৰ নাথে। আজিৰ সেই কাৰ্যসূচীত জিলাখনৰস অতিৰিক্ত আয়ুক্ত বন্তি তালুকদাৰ, ধুবুৰী ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম বৰ্মন, ধুবুৰী জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিষয়া মফেজেৰুল চৰকাৰ, সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী, আপদা মিত্ৰাৰ স্বেচ্ছাসেৱককে ধৰি এই বাটৰ নাট প্ৰস্তুত কৰা জিলাখনৰ গৌৰীপুৰৰ লোক কৃষ্টি সংঘৰ শিল্পীসকল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী